ETV Bharat / sitara

৩৩ বছৰ সম্পূৰ্ণ "মিষ্টাৰ ইণ্ডিয়া"ৰ

অনিল কাপুৰৰ অন্য়তম জনপ্ৰিয় ছবি মিষ্টাৰ ইণ্ডিয়াৰ ৩৩ বছৰ সম্পূৰ্ণ হোৱাত ছ'চিয়েল মিডিয়াত অন্তৰ চুই যোৱা এক সুন্দৰ টুইট অভিনেতাগৰাকীৰ । ছবিখনৰ এটা ক্লীপ শ্বেয়াৰ কৰি এটা সুন্দৰ লাইন উঝৃত কৰে অভিনেতাগৰাকীয়ে ।

author img

By

Published : May 26, 2020, 9:12 AM IST

Anil Kapoor pens heartfelt note as Mr. India clocks 33 years

চিটাৰা ডেস্ক, ২৬ মে': ১৯৮৭ চনৰ ২৫ মে'ত মুক্তি লাভ কৰিছিল অনিল কাপুৰ অভিনীত জনপ্ৰিয় ছবি মিষ্টাৰ ইণ্ডিয়াই । সোমবাৰে ৩৩ টা বছৰ সম্পূৰ্ণ কৰে জনপ্ৰিয় ছবিখনে । শেখৰ কাপুৰৰ এই চিনেমাৰ যোগেদি সেই সময়ত স্বৰ্গীয় শ্ৰীদেৱীও বলীউডত এক উচ্চ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । আনহাতে অভিনেতা অনিল কাপুৰকো এই ছবিখনে বি-টাউনত এজন সুদক্ষ অভিনেতা হিচাপে প্ৰতিষ্ঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । কেৱল অভিনেতা-অভিনেত্ৰীতে সীমাৱদ্ধ নাথাকি ছবিখনৰ খলনায়কৰ ভূমিকা পালন কৰা স্বৰ্গীয় অমৰীশ পুৰীয়েও যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল । ছবিখনত মোগেম্বোৰ ভূমিকাৰে দৰ্শকৰ মনত এক চাপ এৰি যাবলৈ সক্ষম হৈছিল অমৰীশ পুৰীয়ে । উল্লেখ্য় যে, ছলীম-জাবেদৰ যুটীয়া ভাৱে লিখা এইখনে আছিল অন্তিমখন ছবি ।

সোমবাৰে ছবিখনৰ ৩৩ বছৰ সম্পূৰ্ণত অনিল কাপুৰে ইনষ্টাগ্ৰামত এক নষ্টালজিক প'ষ্ট কৰে । তেওঁ কয়, মোৰ বাবে মিষ্টাৰ ইণ্ডিয়া এখন বহুত গুৰুত্বপূৰ্ণ ছবি আছিল । মোৰ আজিও মনত আছে ৩৪ বছৰ পূৰ্বে মই যাত্ৰা আৰম্ভ কৰিছিলো । এতিয়া মই সকলো কথাত মুগ্ধ হৈ পৰো । সেই সময়ৰ পৰা মই জীৱনত এটা গীতে শুনি আহিছিলো জিনদিগী কি এয়েহি ৰীত হে ।

সেই সময়ত কিশোৰ কুমাৰ আৰু লক্ষ্মীকান্ত প্যাৰেলালে একলগে কাম কৰিব বিচৰা নাছিল । কিশোৰ দাৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ বহু কেইটা মাহ লাগি গৈছিল । যেতিয়া মই সম্ভৱ হৈছিলো মই কিশোৰ কুমাৰৰ বাসগৃহত গৈছিলো । তেতিয়া তেওঁলোকৰ মাজত সম্পৰ্ক ঠিক কৰাত মই মধ্য়স্থতা কৰিছিলো । অন্তিম পৰিণাম সেইটো সুন্দৰ মাধ্যুৰ্য আছিল । যিটো সেই কঠিন সময়ৰ এক উত্থান ।

মই আজি ৰোমন্থন কৰিব পাৰিছো মিষ্টাৰ ইণ্ডিয়া ছবিখনে ৩৩ বছৰ অতিক্ৰম কৰিলে । মোৰ আজিও পৰামৰ্শ এইটো যে, সদায় আনৰ প্ৰতি সহনশীলতা হওক, শুদ্ধ কাম কৰক, জীৱন কঠিন হ'ব পাৰে কিন্তু অন্তত সৎভাৱনাই বিৰাজ কৰে বুলি কয় অভিনেতাগৰাকীয়ে ।

শেষত তেওঁ এটি গানৰ কলি উত্থাপন কৰে, সেই গানটো হৈছে-

"Zindagi Ki Yahi Reet Hai...Haar Ke Baad Hi Jeet Hai...

Thode Aansu Hai, Thodi Hasi... Aaj Gham Hai To Kal Hai Khushi," ..

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.