ETV Bharat / sitara

নেহাৰ জন্মদিনত স্বামী অংগদৰ শুভেচ্ছা: নেহাৰ প্ৰতিক্ৰিয়া, অলেখ ভাল পাঁও তোমাক

author img

By

Published : Aug 27, 2021, 4:03 PM IST

41 বছৰীয়া জন্মদিনৰ শুভক্ষণত স্বামী অংগদ বেদীয়ে(Angad Bedi) ইনষ্টাগ্ৰামযোগে এক আন্তৰিক বাৰ্তাৰে জন্মদিনৰ শুভেচ্ছা জনাইছে পত্নী তথা অভিনেত্ৰী নেহা ধুপীয়াক(Neha Dhupia) ৷ নেহাক তেওঁৰ সাহস আখ্যা দি নেহাৰ প্ৰতি থকা অপৰিসীম ভালপোৱাৰ কথা ব্যক্ত কৰিছে অংগদে ৷

Angad Bedi wins Neha Dhupia's heart with birthday post
নেহালৈ জন্মদিনৰ শুভেচ্ছা স্বামী অংগদৰ

চিটাৰা ডেস্ক, 27 আগষ্ট: অভিনেতা অংগদ বেদীৰ(Angad Bedi) বাবে সাহস হৈছে তেওঁৰ পত্নী নেহা ধুপীয়া(Neha Dhupia) ৷ ভাষাহীনভাৱে নেহাক ভালপায় অংগদে ৷ পত্নী নেহাৰ অটুট ভালপোৱা আৰু মৰমে আবেগিক কৰি তুলিছে অভিনেতাগৰাকীক ৷ আজি মিছ ইণ্ডিয়া(Miss India), মডেল তথা বলীউডৰ অভিনেত্ৰী নেহা ধুপীয়াৰ ওপজা দিন ৷

ছ’চিয়েল মিডিয়াযোগে অসংখ্য অনুৰাগী, শুভাকাংক্ষীয়ে বহু আন্তৰিকতাৰে নেহাক জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জনাইছে ৷ কিন্তু তাৰ মাজতো যেন স্বামী অংগদে নেহালৈ প্ৰেৰণ কৰা জন্মদিনৰ শুভেচ্ছাটোৱে চুই গৈছে হৃদয় ৷

জন্মদিনৰ এই শুভক্ষণত পত্নী নেহালৈ অংগদে লিখিছে এইদৰে, ‘‘মোৰ সাহসলৈ জন্মদিনৰ শুভেচ্ছা । তুমি কেৱল 27 আগষ্ট দিনটোৱেই উদযাপন কৰাৰ প্ৰয়োজন নাই । প্ৰতিদিনে তুমি তোমাৰ জীৱনটো উদযাপন কৰা !!! ভগৱানে তোমাক বিচৰা সকলোখিনিয়েই দিয়ক । তোমাৰ জীৱন যাত্ৰাত মই এটা সৰু অংশহে । আমি আগন্তুক দিনবোৰো একেলগেই আগুৱাই যাম আৰু জীৱন স্মৰণীয় কৰি তুলিম’’ ৷

আন্তৰিকতা ভৰা আৰু আবেগিক শুভেচ্ছাৰে পুনৰ অংগদে লিখিছে, ‘‘মই সদায় তোমাৰ হাতখন খামুচি ধৰি থাকিম ৷ তুমি দিঠকত যিধৰণৰ, সদায় ঠিক তেনেকুৱা হৈয়েই থাকা ৷ মই তোমাক ভালপাঁও’’ । ইয়াৰ পাচতে নেহাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘‘আন্তৰিকতা ভৰা এই শব্দখিনি সদায় মোৰ হৃদয়ত থাকিব । মই তোমাক অলেখ ভালপাঁও’’ ৷

2018 চনৰ 10 মে’ত অভিনেতা অংগদ বেদীৰ(Angad Bedi)ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল নেহা ধুপীয়া । একে বৰ্ষৰে 18 নৱেম্বৰত মেহেৰ নামৰ এটি কন্যা সন্তানো জন্ম দিয়ে নেহাই ৷ দ্বিতীয়বাৰৰ বাবে পিতৃ-মাতৃৰ গৌৰৱ অনুভৱ কৰিবলৈ ওলাইছে যুটিটোৱে ৷

লগতে পঢ়ক: Birthday Special: Miss Indiaৰ পৰা Roadies লৈকে সহজ নাছিল নেহাৰ যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.