ETV Bharat / sitara

অমিতাভ বচ্চনে এতিয়া graceful retirement ল’ব লাগে : চলীম খান - অমিতাভ বচ্চন সন্দৰ্ভত সলীম খানৰ মন্তব্য

অমিতাভ বচ্চনে এক সুদীৰ্ঘ অভিনয় যাত্ৰা অতিক্ৰম কৰিছে এতিয়া তেওঁ কিছু বছৰ এই দৌৰৰ পৰা আঁতৰি থাকি নিজক সময় দিব লাগে ৷ বিগ-বিক এনেদৰে অভিনয়ৰ পৰা 'graceful retirement' ল’বলৈ পৰামৰ্শ চিত্ৰনাট্যকাৰ চলীম খানৰ ৷

Amitabh Bachchan 'must take graceful retirement' feels Salim Khan
অমিতাভ বচ্চনে এতিয়া graceful retirement ল’ব লাগে : সলীম খান
author img

By

Published : Oct 12, 2021, 7:34 PM IST

চিটাৰা ডেস্ক, 12 অক্টোবৰ : অমিতাভ বচ্চনে এতিয়া অভিনয়ৰ পৰা 'graceful retirement' ল’ব লাগে ৷ তেওঁ এক সুদীৰ্ঘ অভিনয় যাত্ৰা অতিক্ৰম কৰিছে এতিয়া তেওঁ কিছু বছৰ এই দৌৰৰ পৰা আঁতৰি থাকি নিজক সময় দিব লাগে ৷ বিগ-বিক এই পৰামৰ্শ তেওঁৰ সৈতে দহখনতকৈয়ো অধিক ছবিত একেলগে কাম কৰা জনপ্ৰিয় চিত্ৰনাট্যকাৰ চলীম খানৰ ৷

অমিতাভ বচ্চনৰ দীৰ্ঘ অভিনয় কেৰিয়াৰ সন্দৰ্ভত মন্তব্য কৰি এইদৰে নিজৰ মতামত ব্যক্ত কৰে চিত্ৰনাট্যকাৰ গৰাকীয়ে ৷ তেওঁ কয় যে, "অমিতাভ বচ্চনে এতিয়া অৱসৰ ল’ব লাগে ৷ তেওঁ জীৱনত অৰ্জন কৰিব পৰা সকলোখিনি লাভ কৰিছে ৷ তেওঁ এতিয়া কিছুবছৰ নিজৰ বাবে সজতনে ৰাখিব লাগে ৷ অমিতাভ বচ্চনে পেছাদাৰীভাৱে এটা সুন্দৰ ইনিংছ খেলিছে । তেওঁ ভাল কাম কৰিছে গতিকে তেওঁ এতিয়া নিজকে এই দৌৰৰ পৰা মুক্ত কৰিব লাগে । তেওঁ graceful retirement ল'ব লাগে"

চলীম খানে কিয় এনেদৰে ভাবে সেই সন্দৰ্ভত মন্তব্য কৰি কয়, অৱসৰৰ ব্যৱস্থাটো এইকাৰণেই আছে যাতে এজন ব্যক্তিয়ে জীৱনৰ কিছু সময় নিজৰ ইচ্ছা অনুসৰি কটাব পাৰে ৷ তেওঁ নিজৰ উদাহৰণ দি কয়, "মোৰ পৃথিৱীখন এতিয়া নিৰ্দিষ্ট ৷ মই যাৰ সৈতে খোজ কাঢ়িবলৈ যাওঁ তেওঁলোক আটায়ে ছবিজগতৰ বাহিৰৰ ব্যক্তি ৷"

তেওঁ লগতে কয়, অমিতাভ বচ্চন এগৰাকী এনে অভিনেতা যিয়ে খঙাল যুৱকৰো অভিনয় কৰিব পাৰিছিল, যিটো তেওঁ এতিয়াও পাৰে ৷ কিন্তু বৰ্তমান তেওঁৰ দৰে অভিজ্ঞ এগৰাকী অভিনেতাৰ বাবে কাহিনীৰ অভাৱ ৷ আমাৰ ছবিসমূহ প্ৰযুক্তিগতভাৱে যথেষ্ট উন্নত হৈছে, গীত, একশ্যনসমূহ উন্নত হৈছে কিন্তু ইয়াৰ তুলনাত ভাল কাহনীৰ অভাৱ হৈছে ৷

উল্লেখ্য যে, চলীম খানে 1973 চনত Zanjeer ছবিখনত বিগ-বিৰ সৈতে পোন প্ৰথমবাৰৰ বাবে কাম কৰিছিল ৷ চলীম-অমিতাভৰ যুটিটোৱে Majboor (1974), Sholay (1975), Deewar (1975), Don (1978) Trishul (1978), Kaala Paththar (1979) and Dostana (1980) আদিৰ দৰে কেইবাখনো হিট ছবি দৰ্শকক উপহাৰ দিছে ৷

লগতে পঢ়ক : অভিনেত্ৰী শ্ৰীয়া চৰণৰ ঘৰত নতুন আলহীৰ আগমন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.