চিটাৰা ডেস্ক, ২৮ মাৰ্চ: বলিউড তাৰকা দীপিকা পাডুকন আৰু ছবি নিৰ্মাতা সঞ্জয় লীলা ভঞ্চালীয়ে একেলগে একাধিক ছবিত কাম কৰাৰ বাবে ইজনে আনজনক পাৰস্পৰিক সন্মান কৰিছিল । দুয়োৰে মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উছিছিল । কিন্তু তেওঁলোকৰ সম্পৰ্কত এতিয়া ফাঁট মেলা পৰিলক্ষিত হৈছে । কিয়নো দুয়োগৰাকীৰ মাজত মনোমালিন্য আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে ।
যেতিয়া ২০১৮ চনত পদ্মাৱত ছবিখন মুক্তি লাভ কৰি বক্স অফিচত খলকনি তুলিছিল তেতিয়া ভঞ্চালীয়ে কৈছিল যে তেওঁ দীপিকাৰ সৈতে অনাগত দিনত আৰু একেলগে এইদৰে কাম কৰিবলৈ উৎসুকতাৰে বাট চাই আছে । কিন্তু তাৰ পাচৰে পৰা অৰ্থাৎ দুবছৰ ধৰি তেওঁলোকৰ মাজত সম্পৰ্কত ফাঁট মেলা পৰিলক্ষিত হৈছে ।
অৱশ্যে, সঞ্জয় লীলা ভঞ্চালীয়ে দীপিকাক গংগুবাই কাথিয়াৱাড়ী ছবিখনত এক নৃত্যৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল । কিন্তু দিপীকাই ভঞ্চালীৰ এই প্ৰস্তাৱক অস্বীকাৰ কৰে । কেৱল সেয়াই নহয় ভঞ্চালীয়ে পুনৰ এবাৰ হেৰা মাণ্ডিত মুখ্য ভূমিকা বা ৱেব শ্ব'ত এক নৃত্যৰ বাবে দীপিকাক প্ৰস্তাৱ আগবঢ়াইছিল কিন্তু সেই প্ৰস্তাৱো দীপিকাই অস্বীকাৰ কৰে ।
লগতে পঢ়ক: ফিল্মফেয়াৰ বঁটাৰ শীৰ্ষত ইৰফান-তাপচী