চিটাৰা ডেস্ক, 12 মাৰ্চ : বলীউডৰ প্ৰেমিক যুগল ৰণবীৰ-আলিয়াই অৱশেষত পাতিব বিয়া ৷ দুয়োৱে ইতিমধ্যে তেওঁলোকৰ মাজৰ সম্পৰ্কৰ কথা মুকলিকৈ স্বীকাৰ কৰিছে ৷ কৰ’ণা মহামাৰীয়ে পৃথিৱী গ্ৰাস নকৰা হ’লে যোৱা বছৰেই বিয়াত বহিলহেতেন বুলি ইতিমধ্যেই ৰণবীৰে মন্তব্য প্ৰকাশ কৰিছে ৷
অনুৰাগীসকললৈ প্ৰেমিক যুগলে দিছে সুখবৰ ৷ এইবাৰ খাটাংকৈ বিয়াত বহিব ৰণবীৰ-আলিয়া (Ranbir Alia wedding date) ৷ এই বছৰতেই বিয়া পাতিব দুয়োগৰাকী বলীউড তাৰকাই ৷ যদি সকলো ঠিকে থাকে, তেন্তে চলিত বছৰৰে অক্টোবৰ মাহত বিবাহৰ দিন স্থিৰ কৰিব ৰণবীৰ-আলিয়াই ৷ ইয়াৰ আগতে চলিত বৰ্ষৰ এপ্ৰিলত এই বিয়া অনুষ্ঠিত হোৱাৰ কথা আছিল ৷
প্ৰাপ্ত খবৰ অনুসৰি, দুয়োটা পৰিয়ালে অক্টোবৰত বিয়া হোৱাটো বিচাৰিছে ৰণবীৰ-আলিয়াৰ (Ranbir Alia wedding) ৷ বৰ্তমান মুম্বাইৰ পালীত থকা কাপুৰ পৰিয়ালৰ বাংলোৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে ৷ এই বাংলোটো সম্পূৰ্ণ হৈ উঠিবলৈ অতিকমেও 18 মাহৰ প্ৰয়োজন হ’ব ৷ বিয়াৰ পিছত ৰণবীৰ-আলিয়া তাতে থকাৰ কথা ৷ বিয়াৰ ঠিক পূৰ্বে ৰণবীৰ-আলিয়া অভিনীত প্ৰথমখন ছবি ব্ৰহ্মাস্ত্ৰ ছেপ্তেম্বৰ মাহত ছবিগৃহলৈ আহিব ৷
আয়ান মুখাৰ্জীৰ এই ছবিখনত ৰণবীৰ-আলিয়াই প্ৰথমবাৰৰ বাবে একেলগে কাম কৰিছে ৷ বহু সময়ৰ পৰা ব্ৰহ্মাস্ত্ৰ ছবিখনৰ কাম চলি আছে ৷ ছবিখনত বলীউডৰ চুপাৰষ্টাৰ অমিতাভ বচ্চন, মৌনী ৰয় আৰু দক্ষিণৰ চুপাৰষ্টাৰ নাগাৰ্জুনকো দেখিবলৈ পোৱা যাব ৷
লগতে পঢ়ক: বচ্চন পাণ্ডেৰ প্ৰমোচনত আৱেদনময়ী লুকেৰে কৃতিয়ে হৰিছে টোপনি