ETV Bharat / sitara

কিয় প্ৰথম প্ৰেয়সীৰ সৈতে সম্পৰ্ক বিচ্ছেদ হৈছিল অক্ষয় কুমাৰৰ ?

author img

By

Published : Jan 20, 2021, 8:51 PM IST

অভিনেতা অক্ষয় কুমাৰৰ এটি পুৰণি ভিডিঅ’ ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াত ৷ ভিডিঅ’টিত প্ৰথম প্ৰেয়সীয়ে তেওঁৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰাৰ কাৰণ ব্যক্ত কৰে অক্ষয়ে ৷

Akshay Kumar
অক্ষয় কুমাৰ

চিটাৰা ডেস্ক,20 জানুৱাৰী : 50 বৰ্ষীয় বলিউডৰ খিলাড়ী অক্ষয় কুমাৰৰ বৰ্তমানো মহিলা অনুৰাগীৰ সংখ্যা নগণ্য ৷ যুৱক অৱস্থাত অতি লাজকুৰীয়া স্বভাৱৰ আছিল অক্ষয় ৷ সেইবাবেই প্ৰথম প্ৰেয়সীয়ে তেওঁৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰা বুলি অক্ষয় কুমাৰে সদৰি কৰে ৷

চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা অক্ষয়ৰ এটি পুৰণি ভিডিঅ’ত তেওঁৰ যৌৱন কালৰ বহু ৰোমাণ্টিক মূহুৰ্তৰ কথা ব্যক্ত কৰা পৰিলক্ষিত হৈছে ৷ ভাইৰেল হোৱা এই ভিডিঅ’টি 2019 বৰ্ষত মুক্তিলাভ কৰা হাউছফুল 4 ছবিখনৰ এটি প্ৰচাৰ ভিডিঅ’ ৷

ভিডিঅ’টিত অক্কীৰ সৈতে ৰিতেশ দেশমুখ আৰু ববী দেউলকো দেখিবলৈ পোৱা গৈছে, য’ত তেওঁলোকে ছবিখনৰ প্ৰচাৰৰ বাবে ‘‘দ্যা কপিল শৰ্মা শ্ব’ত’’ উপস্থিত হৈছিল ৷ এই শ্ব’তেই অক্ষয় কুমাৰে প্ৰথম গৰাকী প্ৰেয়সীয়ে তেওঁৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰাৰ কথা ব্যক্ত কৰে ৷

যৌৱন কালত অক্ষয় লাজকুৰীয়া স্বভাৱৰ আছিল ৷ তেওঁ প্ৰথম প্ৰেয়সীৰ কান্ধত হাত থ’বলৈ বা হাতত ধৰিবলৈও লাজ কৰিছিল ৷ কিন্তু তেওঁৰ প্ৰেয়সীয়ে হাতত ধৰাতো বিচাৰিছিল ৷

অৱশেষত প্ৰেয়সী গৰাকী তেওঁৰ জীৱনৰ পৰা আঁতৰি যায় ৷ হাউছফুল 4ৰ প্ৰচাৰৰ বাবে গৈ এইদৰে নিজৰ যৌৱন কালৰ ৰোমাণ্টিক কিছু ক্ষণৰ কথা ব্যক্ত কৰে চুপাৰষ্টাৰ অক্ষয় কুমাৰে ৷

লগতে পঢ়ক : তামিল ছবি 'বিক্ৰম বেধা'ৰ হিন্দী ৰিমেকত অভিনয় কৰিব ছৈফ আলী খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.