ETV Bharat / sitara

২৭ জুলাইত ছবিগৃহলৈ আহিব অক্ষয় কুমাৰৰ "Bell Bottom"

author img

By

Published : Jun 15, 2021, 5:59 PM IST

২৭ জুলাইত মুক্তি লাভ কৰিব অক্ষয় কুমাৰৰ আগন্তুক ছবি "Bell Bottom" । বিশ্বৰ বিভিন্ন ছবি গৃহত মুক্তি লাভ কৰিব ছবিখনে । মঙলবাৰে ছুপাৰষ্টাৰ অক্ষয় কুমাৰে (AKSHAY KUMAR) এই ছবিখনৰ মুক্তিৰ দিন ঘোষণা কৰে ।

Akshay Kumar's Bell Bottom will arrive in cinemas worldwide on July 27
মুক্তিৰ বাবে সাজু অক্ষয় কুমাৰৰ নতুন ছবি বেল ব'টম

চিটাৰা ডেস্ক, ১৫ জুন: ক'ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা লকডাউনৰ বাবে বহুকেইখন বলীউড ছবি পূৰ্বে নিৰ্ধাৰিত সময়ত মুক্তি দিব পৰা নাই ছবি নিৰ্মাতাই । এতিয়া মহামাৰীৰ সংক্ৰমণ তুলনামূলকভাৱে হ্ৰাস পোৱাৰ বাবে লকডাউনো পৰ্যায়ক্ৰমে শিথিল কৰা হৈছে । সেয়ে, এতিয়া ছুপাৰষ্টাৰ অক্ষয় কুমাৰ (AKSHAY KUMAR)ৰ আগন্তুক ছবি "Bell Bottom" মুক্তি দিয়াৰ বাবে ছবি নিৰ্মাতাই দিন ঠিৰাং কৰিছে ।

মঙলবাৰে ইনষ্টাগ্ৰাম পোষ্টযোগে অক্ষয়ে ঘোষণা কৰে ছবিখনৰ মুক্তিৰ দিন । ২৭ জুলাইত মুক্তি লাভ কৰিব "Bell Bottom" ছবিখনে । উল্লেখ্য যে, ছবিখন ২ এপ্ৰিলত মুক্তি পোৱাৰ কথা আছিল । কৰ'ণা (CORONA) ভাইৰাছৰ দ্বিতীয় ঢৌৰ সংক্ৰমণৰ বাবে মুক্তিৰ দিন পিছুৱাই দিয়া হয় ।

মুক্তিৰ দিনৰ বিষয়ে জানিবলৈ পোৱাৰ পিছতে অনুৰাগীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এগৰাকী অনুৰাগীয়ে অক্ষয়ৰ পোষ্ট লাইক কৰাৰ লগতে নিশ্চিতভাৱে ছবিগৃহলৈ গৈ ছবিখন উপভোগ কৰিব বুলি কমেণ্ট কৰে । লগতে ছবিখন হিট হ'ব বুলি কৈ আন এগৰাকী অনুৰাগীয়ে অক্ষয় কুমাৰ আগতীয়াকৈ শুভেচ্ছা দিয়ে ।

ৰঞ্জিত এম তিৱাৰীৰ দ্বাৰা পৰিচালিত স্পাই থ্ৰিলাৰ ছবি "Bell Bottom"ৰ প্ৰযোজনা কৰিছে বাশু ভাগনানী, জেকি ভাগনানি, দীপশিখা দেশমুখ, মনিশা আদৱানী, মধু ভোজৱানী আৰু নিখিল আদৱানীয়ে ।

ছবিখনত অভিনয় কৰিছে বাণী কাপুৰ, হুমা কুৰেছি(Huma Qureshi) আৰু লাৰা দত্ত ভূপতি(Lara Dutta Bhupathi)য়ে । ক'ভিড বিধি মানি মহামাৰীৰ সময়ত দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰা প্ৰথমখন হিন্দী ছবি হিচাপে "Bell Bottom" ছবিখনে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:SSRৰ মৃত্যু বাৰ্ষিকীত আবেগিক হৈ পৰে ৰিয়া চক্ৰৱৰ্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.