চিটাৰা ডেস্ক, ৪ এপ্ৰিল: কৰ'ণাত আক্ৰান্ত বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰ । সম্প্ৰতি হোম কোৱাৰেন্টাইনত অভিনেতাগৰাকী । এই কথা খোদ টুইটাৰযোগে প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে । তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে । হোম কোৱাৰেন্টাইনত থাকিয়ে ক'ভিড সম্পৰ্কীয় সকলো নীতি নিয়ম অনুসৰণ কৰি থকাৰ কথা প্ৰকাশ কৰে ৫৩ বছৰীয়া অক্ষয়ে ।
- — Akshay Kumar (@akshaykumar) April 4, 2021 " class="align-text-top noRightClick twitterSection" data="
— Akshay Kumar (@akshaykumar) April 4, 2021
">— Akshay Kumar (@akshaykumar) April 4, 2021
'ৰাম সেতু ইন দ্যা চিটী'ত দৃশ্যগ্ৰহণৰ কামত ব্যস্ত থকাৰ সময়তে কৰ'ণাত আক্ৰান্ত হয় অভিনেতাগৰাকী । ৰোহীত ছেট্টীৰ পৰিচালিত ছবি সূৰ্যবংশী ছবিখনত অভিনয় কৰিছে অক্ষয়ে । সম্প্ৰতি ছবিখন মুক্তিৰ অপেক্ষাত অভিনেতাগৰাকী । ইতিপূৰ্বে, ৰণবীৰ কাপুৰ, আলিয়া ভাট, আদিত্য নাৰায়ণ, ৰূপালী গাংগুলী, কাৰ্তিক আৰিয়ান আৰু আমিৰ খানো কৰ'ণাত আক্ৰান্ত হৈছে ।
লগতে পঢ়ক: 'চালবাজ ইন লণ্ডন'ত অভিনয় কৰিবলৈ সাজু শ্ৰদ্ধা কাপুৰ