চিটাৰা ডেস্ক, ১৩ জুন: শীঘ্ৰেই মুক্তি পাবলগীয়া দ্বি-ভাষিক ক্ৰাইম-থ্ৰীলাৰ ৱেব চিৰিজ ‘লালবাজাৰ’ (Lalbazaar)ত দেখিবলৈ পোৱা যাব বলিউডৰ অভিনেতা তথা প্ৰযোজক অজয় দেৱগনক । লালবাজাৰ সন্দৰ্ভত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি অভিনেতাগৰাকীয়ে কয় যে, লালাবাজাৰৰ কাহিনী আৰক্ষীসকলৰ জীৱন সংগ্ৰামৰ আধাৰত নিৰ্মিত । আৰক্ষীসকলৰ কৰ্মক অনুসৰণ কৰা একেবাৰে সহজ কাম নহয় । নিজকে ভাগ্যৱান বুলি কৈ অজয় দেৱগনে কয় যে, আৰক্ষীৰ ইউনিফৰ্মত কাম কৰি তেওঁৰ বহুত ভাল লাগে ।

উল্লেখ্য যে, কলকাতাস্থিত আৰক্ষীৰ মুখ্য ভৱন লালবাজাৰক কেন্দ্ৰ কৰি এই বেৱ চিৰিজটো নিৰ্মাণ কৰা হৈছে । ৱেব চিৰিজটোত অজয় দেৱগনসহ কুশিক চেন, সব্যচাচী চক্ৰৱৰ্তী, হৃষিতা ভাট, দিব্যেন্দু ভট্টাচাৰ্য, সুব্ৰত দত্ত আদি বিভিন্ন কলা-কুশলীয়ে অভিনয় কৰাৰ লগতে নিৰ্দেশনা কৰিছে নিৰ্দেশক শায়ন্তন ঘোষালে ।