ETV Bharat / sitara

চেপ্তেম্বৰৰ পৰা পুনৰ শ্বুটিং আৰম্ভ হ'ব 'থেংক গ'ড'ৰ - thank god

বলিউড অভিনেতা অজয় দেৱগন আৰু সিদ্ধাৰ্থ মালহোট্ৰাই মহামাৰী কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ নতুন ছবি 'থেংক গ'ড'ৰ নিৰ্মাণ বন্ধ ৰাখিছে । ছবিখন নিৰ্মাণৰ বাকী অংশ এপ্ৰিল মাহতে শেষ হোৱাৰ কথা আছিল যদিও সকলোৰে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চলিত বছৰৰ চেপ্তেম্বৰতহে শ্বুটিঙৰ সিদ্ধান্ত লৈছে অজয় দেৱগন আৰু সিদ্ধাৰ্থ মালহোট্ৰাই ।

Ajay Devgn, Sidharth Malhotra's Thank God to go on floors in September
চেপ্তেম্বৰৰ পৰা পুনৰ শ্বুটিং আৰম্ভ হ'ব 'থেংক গ'ড'ৰ
author img

By

Published : Jul 15, 2020, 10:09 PM IST

নিউজ ডেস্ক, ১৫জুলাই: বলিউডৰ সকলোৱেই এতিয়া অপেক্ষা কৰি আছে তেওঁলোকৰ নিজৰ নিজৰ শ্বুটিঙ আৰম্ভ হোৱালৈ । আন সকলৰ দৰে অভিনেতা অজয় দেৱগনেও মহামাৰী কৰ'ণাৰ ভয়াৱহতা শাম কটাৰ পাছতে পুনৰ শ্বুটিং আৰম্ভ কৰিবৰ বাবে উৎসুকতাৰে অপেক্ষা কৰি ৰৈছে । অভিনেতাজনৰ হাতত আছে তিনিখনকৈ নতুন ছবিৰ প্ৰজেক্ট ।

দক্ষিণ ভাৰতৰ 'কেইথী'ৰ হিন্দি ৰিমেক, থেংক গ'ড, আৰু মৈদানত দেখিবলৈ পোৱা যাব অজয়ক । ইতিমধ্যে অজয় দেৱগন আৰু সিদ্ধাৰ্থ মালহোট্ৰাই মহামাৰী কৰ'ণাৰ ভয়াৱহতা শাম কটাৰ পিছতেই থেংক গ'ডৰ কাম পুনৰ আৰম্ভ কৰিব । দুই অভিনেতাই উল্লেখ কৰা মতে, অহা চেপ্তেম্বৰৰ পৰা ছবিখনৰ বাকী পৰ্যায়ৰ কাম আৰম্ভ কৰিব ।

উল্লেখ্য যে, অজয় দেৱগন আৰু টি চিৰিজৰ সহ প্ৰযোজনাত ২০১৯ চনৰ ডিচেম্বৰত 'থেংক গ'ড'ৰ নিৰ্মাণৰ কথা ঘোষণা কৰা হৈছিল । সকলো ঠিকে থাকিলে ২০২১ চনৰ গ্ৰীষ্মকালিন সময়চোৱাতে ছবিখন দৰ্শকে দেখাৰ সম্ভাৱনা আছে বুলি জনালে দুই সহ-প্ৰযোজক গোষ্ঠীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.