নেশ্যনেল ডেস্ক,১২ অক্টোবৰ : আন্তঃৰাষ্ট্ৰীয় মাধ্যমৰ চেনেলত এইবাৰ বলীউডৰ অভিনেতা অজয় দেৱগনৰ দুঃসাহসিক ষ্টাণ্ট । বিয়েৰ গ্ৰিলছৰ (Bear Grylls) সৈতে এই দুঃসাহসিক ষ্টাণ্ট কৰিছে অভিনেতাগৰাকীয়ে । বিয়েৰ গ্ৰিলছৰ সৈতে 'Into The Wild With Bear Grylls'ত দেখা যাব অজয় দেৱগনক । ইতিমধ্যে মালদ্বীপত শ্বুটিং সম্পূৰ্ণ হৈছে অনুষ্ঠানটোৰ ।
- " class="align-text-top noRightClick twitterSection" data="
">
অনুষ্ঠানটো প্ৰচাৰিত হোৱাৰ পূৰ্বে নিজৰ অভিজ্ঞতা ব্যক্ত কৰিছে অভিনেতা অজয় দেৱগনে । অভিনেতাগৰাকীৰ মতে অৰণ্যৰ মাজত এয়া তেওঁৰ প্ৰথম অভিযান আছিল । তেওঁ লগতে কয় যে এয়া কোনো সাধাৰণ শিশুৰ খেল নহয় । অভিনেতাগৰাকীয়ে উল্লেখ কৰা মতে তেওঁৰ পিতৃ বলীউডৰ এগৰাকী একচন ডিৰেক্টৰ (Action Director) আছিল ।
যোৱা ৩০ বছৰত অজয় দেৱগনে ভাৰতীয় ছবিত বহুতো ভয়ানক ষ্টাণ্ট কৰাৰ সুযোগ পাইছে । এই সময়চোৱাত শিকা বহুত কথাই তেওঁক এই অভিযানত সহায় কৰিছে বুলি অজয় দেৱগনে স্বীকাৰ কৰে । অনুৰাগীসকলক সামাজিক মাধ্যমত নিজৰ অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰি কয় যে এই ধৰণৰ সুযোগ পোৱা বাবে তেওঁ যথেষ্ট সুখী ।
ইফালে বিশ্বজুৰি দুঃসাহসিক ষ্টাণ্টৰ বাবে চৰ্চিত বিয়েৰ গ্ৰিলছক ধন্যবাদ জ্ঞাপন কৰে অজয় দেৱগনে । প্ৰকৃতিৰ সৈতে পৰিচয় কৰি দিয়াৰ লগতে প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্কৰ বিষয়ে অন্বেষণ কৰাত সহায় কৰা বাবে অভিনেতাজনে বিয়েৰ গ্ৰিলছক ধন্যবাদ জনায় । কেৱল এয়াই নহয় এখন বিপদসংকুল হাবিৰ পৰা আৰম্ভ কৰি গভীৰ সাগৰৰ দৰে প্ৰতিটো বিপদৰ সময়তে বিয়েৰ গ্ৰিলছে তেওঁক সহায় কৰা বুলিও উল্লেখ কৰে অভিনেতাগৰাকীয়ে ।
উল্লেখ্য যে 'Into The Wild With Bear Grylls' অনুষ্ঠানটো হৈছে 'Man vs Wild' অনুষ্ঠানটোৰ নতুন ফৰ্মেট । অজয় দেৱগনৰ খণ্ডটো ২২ অক্টোবৰত 'Discovery+' চেনেলত প্ৰচাৰ হ'ব ।
লগতে পঢ়ক :অভিনেত্ৰী শ্ৰীয়া চৰণৰ ঘৰত নতুন আলহীৰ আগমন