ETV Bharat / sitara

ছ’চিয়েল মিডিয়াৰ পৰা স্বামীৰ নাম আঁতৰালে ঐশ্বৰ্যা ৰজনীকান্তে

author img

By

Published : Mar 25, 2022, 7:57 PM IST

বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰাৰ তিনি মাহৰ পিছত মেগাষ্টাৰ ৰজনীকান্তৰ জীয়ৰী ঐশ্বৰ্যাই সামাজিক মাধ্যমত তেওঁৰ নামৰ পিছৰ পৰা উহ্য কৰিলে স্বামী নাম ( Aishwaryaa Rajinikanth Dhanush divorce) ৷

Aishwaryaa Rajinikanth
ছ’চিয়েল মিডিয়াৰ পৰা স্বামীৰ নাম আঁতৰালে ঐশ্বৰ্যা ৰজনীকান্তে

চিটাৰা ডেস্ক, 25 মাৰ্চ: অলপতে 18 বছৰীয়া বৈবাহিক জীৱনৰ সমাপ্তি ঘটাই চৰ্চালৈ অহা ধনুষ আৰু ঐশ্বৰ্যাৰ মাজত এতিয়াও আছে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৷ দুয়োয়ে অতি নিষ্ঠাৰে পালন কৰিছে পিতৃ-মাতৃৰ দায়িত্ব ৷

তিনিমাহ পূৰ্বে ধনুষ ঐশ্বৰ্যাই ঘোষণা কৰিছিল তেওঁলোকৰ মাজৰ সম্পৰ্ক শেষ হোৱাৰ কথা (Aishwaryaa Rajinikanth Dhanush divorce) ৷ তিনিমাহ পিছত ঐশ্বৰ্যাই নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা আঁতৰ কৰিলে প্ৰাক্তন স্বামী ধনুষৰ উপাধি ৷ বিগত সপ্তাহতে দুয়োৰে মাজত টুইটাৰত এক বন্ধুত্বসূলভ ভাৱ বিনিময় হৈছিল ৷ অনুৰাগীয়ে এই দেখি কিবা অনুমান কৰাৰ আগতেই উপাধি গুচাই নিজৰ স্থিতি স্পষ্ট কৰি দিলে ঐশ্বৰ্যাই ৷

দুয়োৰে মাজত থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কক লৈ কোনেও যাতে ভূল ধাৰণা কৰি নলয় তাৰ বাবেই এনে কৰিলে ঐশ্বৰ্যাই ৷ ৪০ বছৰীয়া ঐশ্বৰ্যাই তেওঁৰ টুইটাৰ আৰু ইন্ষ্টাগ্ৰাম বায়’ৰ পৰা ধনুষৰ নাম বাদ দিছে । তেওঁ তেওঁৰ টুইটাৰ হেণ্ডেলটো @ash_r_dhanush পৰা @ash_rajinikanth লৈ সলনি কৰে । একেদৰে তেওঁৰ ইন্ষ্টাগ্ৰাম বায়’ত তেওঁৰ নামটো এতিয়া ঐশ্বৰ্যা ৰজনীকান্ত হিচাপে দেখা গৈছে ৷ অৱশ্যে ইউজাৰনেমটো এতিয়াও (@aishwaryaa_r_dhanush) এ হৈ আছে ৷

বিগত সপ্তাহত, ধনুষে টুইটাৰ যোগে ঐশ্বৰ্যাক তেওঁৰ নতুন গান 'পায়েনি'ৰ মুক্তিৰ বাবে অভিনন্দন জনাইছিল । এক টুইট যোগে তেওঁ তেওঁৰ প্ৰাক্তন পত্নীক তেওঁৰ 'বন্ধু' বুলি অভিহিত কৰে । ধনুষে টুইট কৰিছিল যে, "আপোনাৰ মিউজিক ভিডিঅ'#पायनी বাবে মোৰ ফালৰ পৰা অভিনন্দন । ঈশ্বৰে আশীৰ্বাদ কৰক । ঐশ্বৰ্যই তেওঁৰ টুইটটোৰ প্ৰতিক্ৰিয়া দিছিল এনেদৰে, "ধন্যবাদ ধনুষ....গডস্পীড " ৷

চলিত বছৰৰ জানুৱাৰীত ধনুষ আৰু ঐশ্বৰ্যা ৰজনীকান্তে এক যুটীয়া বিবৃতি জাৰি কৰি তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল (Dhanush separated from wife Aishwaryaa) । ধনুষে ২০০৪ চনত অভিনেতা ৰজনীকান্তৰ জ্যেষ্ঠ কন্যা ঐশ্বৰ্যাক বিয়া কৰাইছিল। ঐশ্বৰ্যাৰ সৈতে যাত্ৰা ৰজা আৰু লিঙ্গ ৰজা নামেৰে ধনুষৰ দুটি পুত্ৰ সন্তান আছে ৷

লগতে পঢ়ক : Movie on Indian Politician: বীৰ চাভাৰকাৰৰ ওপৰত নিৰ্মাণ হ’ব জীৱনীমূলক ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.