চিটাৰা ডেস্ক, 21 ছেপ্তেম্বৰ: অভিনেত্ৰী দীপিকা পাডুকন আৰু সোনম কাপুৰৰ সৈতে কাম কৰাৰ আশা প্ৰকাশ ভাৰতীয়-আমেৰিকান অভিনেত্ৰী মিন্দী কলিঙৰ ৷
এক সাক্ষাৎকাৰযোগে তেওঁ কয়, ‘‘যদি মই বলিউডৰ ছবিত কাম কৰিবলৈ সুযোগ পাঁও, তেন্তে মই সোনম কাপুৰ আৰু দীপিকা পাডুকনৰ সৈতে কাম কৰিবলৈ আগ্ৰহী ৷ দুয়োগৰাকীয়ে হৈছে প্ৰতিভাৱান অভিনেত্ৰী ৷’’
উল্লেখ্য যে, সম্প্ৰতি মিন্দী প্ৰিয়ংকা চোপ্ৰাৰ সৈতে একেলগে কাম কৰি আছে ৷ শীঘ্ৰেই মুক্তি লাভ কৰিবলগীয়া এখন বিবাহ-ক’মেডী কেন্দ্ৰিক ছবিত একেলগে দেখিবলৈ পোৱা যাব মিন্দী আৰু প্ৰিয়ংকাক ৷ প্ৰিয়ংকা সন্দৰ্ভত মিন্দীয়ে কয় যে, ‘‘প্ৰিয়ংকা এগৰাকী স্মাৰ্ট অভিনেত্ৰী ৷ তেওঁৰ সৈতে কাম কৰাৰ অনুভৱ সুকীয়া ৷’’
ইতিমধ্যে মিন্দীয়ে ছবিখনৰ স্ক্ৰীপ্টৰ কাম সম্পূৰ্ণ কৰিছে ৷ ভাৰতীয় বিবাহ পৰ্বত ঘটা সংঘৰ্ষক মূল বিষয়বস্তু হিচাপে লৈ এই ছবিখন নিৰ্মাণ কৰা হৈছে ৷
লগতে পঢ়ক: ‘Shakti: The Power’ ছবিৰ বৰ্ষপূৰ্তিত শ্ৰীদেৱীক সুঁৱৰিলে কৰিশ্মা কাপুৰে