ETV Bharat / sitara

চ’ছিয়েল মিডিয়াৰ পৰা সকলো প’ষ্ট আঁতৰাই অডিঅ’ ডায়েৰীলৈ উভতিছে দীপিকা

author img

By

Published : Jan 1, 2021, 2:25 PM IST

ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা সকলো প’ষ্ট আঁতৰাই দিছে অভিনেত্ৰী দীপিকা পাডুকনে ৷ ইয়াৰ পৰিৱৰ্তে এক অডিঅ’ ডায়েৰী শ্বেয়াৰ কৰি আগন্তুক সময়ত নিজৰ কণ্ঠৰে সুখ-দুখ ব্যক্ত কৰিব বুলি উল্লেখ কৰে দীপিকাই ৷

Deepika Padukone
দীপিকা পাডুকন

চিটাৰা ডেস্ক,1 জানুৱাৰী : মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা সকলো প’ষ্ট আঁতৰাই দিয়ে ৷ এই কাৰ্যই এতিয়া আশ্চৰ্যকৰ কৰি তুলিছে অভিনেত্ৰী গৰাকীৰ অনুৰাগীসকলক ৷ অনুৰাগীসকলে বিশ্বাস কৰিছে যে, দীপিকাই এতিয়া ভাৰ্চুৱেল জগতক বিদায় দিব বিচাৰিছে ৷

অৱশ্যে ইয়াৰ পৰিৱৰ্তে দীপিকাই নৱবৰ্ষৰ দিনাই এক অডিঅ’ ডায়েৰী শ্বেয়াৰ কৰে, য’ত তেওঁ আগন্তুক সময়ত নিজৰ কণ্ঠৰে সুখ-দুখ ব্যক্ত কৰিব বুলি উল্লেখ কৰে ৷ চ’ছিয়েল মিডিয়াযোগে তেওঁ লিখিছে, "It’s 1.1.2021! Happy New Year Everyone! What are you grateful for...?" লগতে তেওঁ এই অডিঅ’ প’ষ্টৰ দ্বাৰা নতুন বছৰটোত সকলোৰে বাবে সুস্বাস্থ্য আৰু শান্তিৰ কামনা কৰে ৷

টুইটাৰত 27.7 মিলিয়ন অনুৰাগী আৰু ইনষ্টাগ্ৰামত 52.5 মিলিয়ন অনুৰাগী আছে অভিনেত্ৰী গৰাকীৰ ৷ ইনষ্টাগ্ৰামৰ পৰা সকলো প’ষ্ট আঁতৰাই পেলোৱা সন্দৰ্ভত বৰ্তমানো স্পষ্টতা দাঙি ধৰা নাই দীপিকাই ৷

লগতে পঢ়ক : নৱবৰ্ষৰ শুভক্ষণত পিতৃ ইৰফানক স্মৰণ পুত্ৰ বাবিলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.