ETV Bharat / sitara

হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিলৰ আহ্বান চনু চুডৰ

কৰ'ণা ভাইৰাছৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিলৰ বাবে আহ্বান জনালে অভিনেতা চনু চুডে । হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিলৰ আহ্বান জনাই ছাত্ৰ-ছাত্ৰীয়ে কৰা আবেদনৰ প্ৰতিও সমৰ্থন আগবঢ়াইছে অভিনেতাগৰাকীয়ে । ছ'চিয়েল মিডিয়াযোগে অভিনেতাগৰাকীয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ'ত তেওঁক পৰীক্ষা বাতিলৰ বাবে আহ্বান জনোৱা দেখা গৈছে ।

author img

By

Published : Apr 12, 2021, 3:52 PM IST

হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিলৰ আহ্বান চনু চুডৰ
হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিলৰ আহ্বান চনু চুডৰ

চিটাৰা ডেস্ক, ১২ এপ্ৰিল: বৰ্তমান সমগ্ৰ দেশতে পুনৰ COVID-১৯ মহামাৰীৰ সংক্ৰমণ পূৰ্বৰ তুলনাত বৃদ্ধি পাব ধৰিছে । এনে পৰিস্থিতিত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ আহ্বান জনাই একাংশ ছাত্ৰ-ছাত্ৰী ন্যায়লয়ৰ দ্বাৰস্থ হৈছে । ছাত্ৰ-ছাত্ৰীসকলে ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছে ।

বিগত বৰ্ষত মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা সময়ৰে পৰা প্ৰব্ৰজিত শ্ৰমিক, বহিঃৰাজ্যত অধ্যয়নৰত শিক্ষাৰ্থীৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱা চনু চুডে শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিলৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে দাখিল কৰা আবেদনৰ প্ৰতিও সমৰ্থন আগবঢ়াইছে ।

মহামাৰীয়ে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়ত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ উদ্বেগ ব্যক্ত কৰি তেওঁ ছ'চিয়েল মিডিয়াযোগে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে । ভিডিঅ'টোত চনু চুডে কৈছে যে, কৰ'ণা ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সাজু নহয় ।

তেওঁ লগতে কয় যে, ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে আভ্যন্তৰীণ মূল্যায়ন পদ্ধতি থকা উচিত । মেক্সিকো, কুৱেইট আদিত মহামাৰীৰ সংক্ৰমণৰ বাবে পৰীক্ষা বাতিল কৰাৰ উদাহৰণো তেওঁ দাঙি ধৰে । লগতে কৰ'ণাসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিলৰ আহ্বান জনায় ।

লগতে পঢ়ক:সম্পাদনা কক্ষত নতুন অসমীয়া ছবি ‘দাদা তুমি দুষ্ট বৰ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.