Sardar (1993): বিজয় তেণ্ডুলকাৰৰ দ্বাৰা লিখিত কেতন মেহতাৰ এই ছবিখনত অভিনেতা ৰাৱলে স্বাধীন ভাৰতৰ সৈনিকৰ চৰিত্ৰত অভিনয় কৰে ৷ ‘Sardar’ ছবিখনৰ এই চৰিত্ৰটো চৰ্দাৰ বল্লৱ ভাই পেটেলৰ আছিল ৰাৱলৰ দুৰ্দান্ত অভিনয়ে ছবিখনক 1993 বৰ্ষৰ ‘Best Film On National Integration’ পুৰস্কাৰলৈ ঠেলি দিয়ে ৷
Sir (1993): পৰেশ ৰাৱলে এই ছবিখনত ৱেলজীভাই নামৰ এক চৰিত্ৰত অভিনয় কৰিছিল ৷ এক চিন্তিত অৱস্থাত থকা অপৰাধী দেউতাকৰ ভূমিকা লৈ তেওঁ অভিনয়ৰে দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰে ৷
![অভিনেতা পৰেশ ৰাৱলৰ অভিনয়ক স্মৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/woh-chokri_3005newsroom_1590825589_1060.jpg)
Woh Chokri (1994): চিত্ৰ নিৰ্মাতা সুভাংকৰ ঘোষৰ ‘Woh Chokri’ নামৰ ছবিখনত এজন অনৈতিক ৰাজনৈতিক নেতাৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ ৰাজনৈতিক নেতাজনে নিজৰ পৰিচয় সমাজৰ মাজত দাঙি ধৰিবলৈ পত্নী আৰু কন্যাকো এৰি দিয়ে ৷ ছবিখনত তেওঁৰ বলিষ্ঠ অভিনয়ে দৰ্শকক বাৰুকৈয়ে মুহিলে ৷
![অভিনেতা পৰেশ ৰাৱলৰ অভিনয়ক স্মৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/paresh_rawal_movie_20140505_402_602_3005newsroom_1590825589_707.jpg)
Tamanna (1998): প্ৰযোজক পূজা ভাটৰ প্ৰযোজনাৰে নিৰ্মিত ‘Tamanna’ নামৰ ছবিখনত অভিনেতা পৰেশ ৰাৱলে এক তৃতীয় লিংগৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ 1998 চনত সামাজিক দিশৰ ফালৰ পৰা এই ছবিখনে সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে ৷
![অভিনেতা পৰেশ ৰাৱলৰ অভিনয়ক স্মৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/oye-lucky_3005newsroom_1590825589_70.jpg)
Mumbai Meri Jaan (2008): 2006 চনত মহানগৰী মুম্বাইত সংঘটিত হোৱা ৰে’ল আতংকক লৈ নিশিকান্ত কামতৰ এই ছবিখন নিৰ্মাণ কৰা হৈছিল ৷ এই ছবিখনত পৰেশ ৰাৱলক এজন ব্যতিক্ৰমী আৰক্ষী বিষয়াৰ ৰূপত দেখিবলৈ পোৱা গৈছিল ৷
![অভিনেতা পৰেশ ৰাৱলৰ অভিনয়ক স্মৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/mumbai-meri-jaan_3005newsroom_1590825589_888.jpg)
Oye Lucky! Lucky Oye! (2008): ছবি নিৰ্মাতা দিবাকৰ বেনাৰ্জীৰ ‘Oye Lucky! Lucky Oye!’ নামৰ ছবিখনত পৰেশ ৰাৱলে এজন গম্ভীৰ চৰ্দাৰ পিতৃ আৰু পেচাত এজন ধূৰ্ত পশু চিকিৎসকৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ ছবিখনত ৰাৱলৰ চৰিত্ৰটো আকৰ্ষণীয় আছিল ৷
![অভিনেতা পৰেশ ৰাৱলৰ অভিনয়ক স্মৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/freepressjournal_import_2018_06_w_end_jun17_pg2_tamanna_3005newsroom_1590825589_645.jpg)
Uri: The Surgical Strike (2019): 2019 চনত মুক্তি লাভ কৰা উদীয়মান ছবি নিৰ্মাতা আদিত্য ধৰৰ প্ৰথম ছবি ‘Uri: The Surgical Strike’ত অভিনেতা পৰেশ ৰাৱলে ৰাজনৈতিক নেতা গোৱিন্দ ভৰদ্বাজৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ এগৰাকী নিৰাপত্তা উপদেষ্টাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ সকলোকে মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছিল ৷
![অভিনেতা পৰেশ ৰাৱলৰ অভিনয়ক স্মৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/uri_3005newsroom_1590825589_940.jpg)
লগতে পঢ়ক: ‘এক্সন আইকন’ হোৱাৰ আশা অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ