চিটাৰা ডেস্ক, 1 জুন : অসম চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গ্ৰহণ কৰা হেলিকপ্টাৰেৰে পৰ্যটন ধাৰণা (হেলিকপ্টাৰ ট্যুৰিজিম)ক সমালোচনা কৰিছে বলীউড অভিনেত্ৰী দিয়া মিৰ্জাই ৷ এক টুইটযোগে কাজিৰঙাক অকলশৰীকৈ এৰি দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে অভিনেত্ৰীগৰাকীয়ে ৷
এগৰাকী ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ আদিত্য পাণ্ডাই টুইটাৰযোগে কাজিৰঙাৰ হেলিকপ্টাৰ ট্যুৰিজিমৰ ধাৰণাটো উচিত নহয় বুলি মন্তব্য কৰাৰ পাচতে অভিনেত্ৰী দিয়া মিৰ্জাই ফটোগ্ৰাফাৰগৰাকীক সমৰ্থন কৰি কয় যে, হেলিকপ্টাৰৰ শব্দই এখন ঠাইৰ শান্তি ব্যাহত কৰি পৰ্যটকলৈ কেনেদৰে আকৰ্ষণ আনিব পাৰিব ? অনুগ্ৰহ কৰি আমাৰ অৰণ্যবোৰক অকলে এৰি দিয়ক ৷
উল্লেখ্য যে, বিগত 26 মে’ত অসম চৰকাৰে পৰ্যটনৰ প্ৰচাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুখনকৈ হেলিপেড স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ যদিও হেলিপেড দুটাৰ সঠিক অৱস্থান নিৰ্ধাৰণ কৰা হোৱা নাছিল, কিন্তু উল্লেখ কৰা হৈছিল যে এটা নগাঁও জিলাত হ’ব আৰু আনটো থাকিব গোলাঘাট জিলাত ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰেৰে কাজিৰঙাৰ ওপৰেৰে পৰিভ্ৰমণ কৰিছিল ৷
-
Couldn’t agree more. Why would one even come up with a plan like this? How is disrupting the peace of a place with a noisy helicopter an ‘attraction’ for tourists? Leave our forests alone please. #Kaziranga https://t.co/yaxFmfab4q
— Dia Mirza (@deespeak) May 31, 2021 " class="align-text-top noRightClick twitterSection" data="
">Couldn’t agree more. Why would one even come up with a plan like this? How is disrupting the peace of a place with a noisy helicopter an ‘attraction’ for tourists? Leave our forests alone please. #Kaziranga https://t.co/yaxFmfab4q
— Dia Mirza (@deespeak) May 31, 2021Couldn’t agree more. Why would one even come up with a plan like this? How is disrupting the peace of a place with a noisy helicopter an ‘attraction’ for tourists? Leave our forests alone please. #Kaziranga https://t.co/yaxFmfab4q
— Dia Mirza (@deespeak) May 31, 2021
ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰী শৰ্মাই শ্বেয়াৰ কৰা হেলিকপ্টাৰ যাত্ৰাৰ এটা ভিডিঅ’ত দেখুওৱা হৈছে যে উৰণীয়া হেলিকপ্টাৰৰ উচ্চ ডেচিবেল শব্দৰ বাবে বনৰীয়া ম’হকে ধৰি বনৰীয়া জন্তুৰ এটা ডাঙৰ দলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত হেল্টাৰ-স্কেল্টাৰ চলাইছিল । ভিডিঅ’টোৰ পৰা এইটো স্পষ্ট হৈ পৰে যে, হেলিকপ্টাৰখন মাটিৰ স্তৰৰ পৰা 400ৰ পৰা 500 ফুট উচ্চতাত উৰি আছিল আৰু বন্য জন্তুবোৰক অপ্ৰত্যাশিতভাৱে উদ্বিগ্ন কৰি তুলিছিল ।
গতিকে কাজিৰঙাত সংযোজন হ’বলগীয়া নতুন পৰ্যটনৰ বিষয়টোক লৈ ৰাজ্যৰ লগতে দেশজুৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়া ৷ একাংশই চৰকাৰৰ এই সিদ্ধান্তক সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই এই বিষয়টোৰ তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : অসমীয়া চলচ্চিত্ৰ দিঠকত হেৰাল সপোনলৈ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ