ETV Bharat / sitara

4 বছৰে ক্লিনিকেল ডিপ্ৰেশ্যনত ভুগি আছে আমিৰ খানৰ জীয়ৰী ইৰা

author img

By

Published : Oct 11, 2020, 6:14 PM IST

আমিৰ খানৰ জীয়ৰী ইৰা খানে বিশ্ব মানসিক স্বাস্থ্য দিৱসত নিজৰ হতাশাৰ লগতে সংঘৰ্ষৰ কথা উল্লেখ কৰে ইন্ষ্টাগ্ৰামযোগে ৷ অতি শীঘ্ৰেই ইৰাৰ প'ষ্টটোৱে ইন্ষ্টাগ্ৰামত 24 হাজাৰ ভিউ অতিক্ৰম কৰে আৰু তেওঁ অতি ধনাত্মক কমেণ্টো লাভ কৰে ৷

ইৰা
ইৰা

চিটাৰা ডেস্ক, 11 অক্টোবৰ : বলীউডৰ জনপ্ৰিয় তাৰকা আমিৰ খানৰ জীয়ৰী ইৰা খানে তেওঁ ক্লিনিকেলী ডিপ্ৰেছ্ড বুলি উল্লেখ কৰে ৷ তেওঁ বিশ্ব মানসিক স্বাস্থ্য দিৱসত নিজৰ হতাশাৰ লগতে সংঘৰ্ষৰ কথাও উল্লেখ কৰে ৷

ইৰাই ইন্ষ্টাগ্ৰামত কেপচনেৰে সৈতে এটা ভিডিঅ' শ্বেয়াৰ কৰে য'ত লিখা আছে, "বহুত কিবাকিবি চলি আছে, বহু লোকৰ ক'বলগীয়াও আছে বহু কথা ৷ বস্তুবোৰ সঁচাকৈয়ে বিভ্ৰান্তিমূলক আৰু হতাশাজনক আৰু সৰল আৰু ঠিক কিন্তু ঠিক নহয় আৰু জীৱনত সকলো একেলগে ৷ এই সকলোবোৰ একেলগে ক'ব পৰা পথ নাই ৷ কিন্তু মোৰ এনে লাগে যে মই কিছুমান বস্তু বাহিৰলৈ আনিছো বা কেনেকৈ ইয়াক আগতকৈ অধিক বুজিব পাৰি সেইয়া অন্তত মই গম পাইছো ৷ মানসিক স্বাস্থ্য আৰু মানসিক ৰোগাক্ৰান্ত স্বাস্থ্যৰ বিষয়ে ৷ তেন্তে এই যাত্ৰাত মোৰ সৈতে আহক ৷ বলক এক বাৰ্তালাপ আৰম্ভ কৰো ৷ বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ শুভেচ্ছা ৷"

ইৰাই পোনপটীয়াকৈ কেমেৰাৰ ফালে চাই কয়, "হাই, মই হতাশাগ্ৰস্ত ৷ যিটো চাৰি বছৰতকৈয়ো অধিক সময় হ'ল ৷ মই এগৰাকী চিকিৎসকৰ কাষত আছো আৰু মই ক্লিনিকেলী ডিপ্ৰেছ্ড ৷ মই বৰ্তমান বহুত ভাল কৰি আছো ৷ এবছৰতকৈয়ো অধিক সময়ৰ পৰা মই মানসিক স্বাস্থ্যৰ বাবে কিবা এটা কৰাৰ মন মেলিছিলো, কিন্তু মই ভাবি পোৱা নাছিলো কি কৰিম ৷ সেয়েহে মই আপোনালোকক এটা যাত্ৰা, মোৰ যাত্ৰাটোত নিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো, দেখা যাওক কি হয় ৷ আশা কৰো যে, আমি আমাক ভালদৰে জানিম আৰু মানসিক ৰোগক আগতকৈ ভালদৰে বুজিম ৷"

অতি শীঘ্ৰেই ইৰাৰ প'ষ্টটোৱে ইন্ষ্টাগ্ৰামত 24 হাজাৰ ভিউ অতিক্ৰম কৰে আৰু তেওঁ অতি ধনাত্মক কমেণ্টো লাভ কৰে ৷

লগতে পঢ়ক: এইমছৰ ৰোগীৰ শৈল্য চিকিৎসাৰ খৰচ বহন কৰিছে ৰিয়েল লাইফ হিৰ’ চনু চুডে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.