ETV Bharat / sitara

গুৰু দত্তৰ আত্মজীৱনীক লৈ চৰ্চাত আমিৰ খান

author img

By

Published : Jan 24, 2021, 5:11 PM IST

ভাৰতীয় ছবিজগতৰ এগৰাকী সফল অভিনেতা তথা ছবি নিৰ্মাতা গুৰু দত্তৰ আত্মজীৱনীত অভিনয় কৰাৰ সম্ভাৱনা অভিনেতা আমিৰ খানৰ ৷ ‘প্যাচা’ ছবিৰ জৰিয়তে এগৰাকী টেলিফোন অ’পাৰেটৰৰ পৰা ভাৰতীয় ছবিজগতৰ এগৰাকী সফল তাৰকালৈ গুৰু দত্তৰ জীৱনী উপস্থাপন কৰিব বিচাৰে পৰিচালক ভাৱনা তলৱাৰে ৷

Guru Dutt biopic
গুৰু দত্তৰ আত্মজীৱনী

চিটাৰা ডেস্ক,24 জানুৱাৰী : ভাৱনা তলৱাৰৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া গুৰু দত্তৰ আত্মজীৱনীত চুপাৰষ্টাৰ আমিৰ খানে অভিনয় কৰাৰ খবৰে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷ ‘প্যাচা’ শীৰ্ষক এই ছবিখনৰ নিৰ্মাতা সৈতে আমিৰ খানৰ কথা-বতৰা হোৱা বুলি জানিব পৰা গৈছে ৷

এক ৱেবলইড প্ৰতিবেদনত উল্লেখিত অনুসৰি, 120 কোটি বাজেটত নিৰ্মাণ হ’বলগীয়া ছবিখনক লৈ আগ্ৰহ প্ৰকাশ কৰিছে আমিৰ খানে ৷ বিগত 7 বছৰ ধৰি আত্মজীৱনী লিখা কামত ব্যস্ত থকা তলৱাৰে সম্প্ৰতি ইয়াক ছবি আকাৰত প্ৰকাশ কৰিবলৈ সাজু হৈছে ৷

Guru Dutt biopic
গুৰু দত্তৰ আত্মজীৱনী

দত্তৰ জীৱনৰ ওপৰত আধাৰিত এই ছবিখনত দত্তৰ চৰিত্ৰটো আমিৰ খানতকৈ আন কোনো সঠিকভাৱে উপস্থাপন কৰিব নোৱাৰা বুলি ছবি নিৰ্মাতাই বিশ্বাস কৰে ৷ ইফালে আমিৰ খানে কাহিনীভাগৰ প্ৰতি আকৃষ্ট হৈছে যদিও ছবিখনত অভিনয় কৰিব নে নাই তাক স্পষ্টভাৱে উল্লেখ কৰা নাই অভিনেতাগৰাকীয়ে ৷

Guru Dutt biopic
গুৰু দত্তৰ আত্মজীৱনী

উল্লেখ্য যে, 1950 আৰু 1960ৰ দশকৰ মাজৰ সময়চোৱাত গুৰু দত্ত আছিল এগৰাকী সফল অভিনেতা তথা ছবি নিৰ্মাতা ৷ প্যাচা, কাগজ কে ফুল, চাহিব বিবি ঔৰ গুলাম, আৰ-পাৰ, বাজী, মি. এণ্ড মিছেছ. 55 আৰু চৌধভিন কা চান্দ আদি বহুকেইখন ছবিত কাম কৰিছিল দত্তই ৷

প্যাচা ছবিৰ সৈতে পৰিচালক তলৱাৰে এগৰাকী টেলিফোন অ’পাৰেটৰৰ পৰা ভাৰতীয় ছবিজগতৰ এগৰাকী সফল তাৰকালৈ গুৰু দত্তৰ জীৱনী উপস্থাপন কৰিব বিচাৰে ৷

লগতে পঢ়ক : লখিমীৰ অভিনয়ৰ আগত ম্লান পৰিল বাহাৰুল ইছলাম-পাকিজা বেগমৰ অভিনয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.