ETV Bharat / sitara

অনুৰাগীৰ অতুলনীয় উপহাৰত অভিভূত ঊৰ্বশী ৰৌতেলা

author img

By

Published : Mar 9, 2022, 2:15 PM IST

বলীউডৰ মোহময়ী অভিনেত্ৰী ঊৰ্বশী ৰৌতেলাৰ আছে অসংখ্য অনুৰাগী ৷ বলীউডৰ তাৰকাসকলে নিজৰ অনুৰাগীৰ পৰা উপহাৰ লাভ কৰাটো তেনেই সাধাৰণ কথা ৷ নিজৰ পছন্দৰ অভিনেতা-অভিনেত্ৰীগৰাকীক উপহাৰ যাচি তেওঁলোকক এবাৰ হ’লেও ওচৰৰ পৰা লগ পাব বিচৰাটো প্ৰতিজন অনুৰাগীৰে মনৰ আশা ৷ সেইমতে তাৰকা সকলেও অনুৰাগীৰ পৰা মৰম আদৰ লাভ কৰি কাম কৰি যোৱাৰ প্ৰেৰণা লাভ কৰে ৷ অভিনেত্ৰী ঊৰ্বশীয়ে এজন অনুৰাগীৰ পৰা লাভ কৰিলে এক অতুলনীয় উপহাৰ (Urvashi Rautela latest news) ৷

Urvashi
এজন অনুৰাগীৰ উৰ্বশী নিজেই হৈ পৰিল অনুৰাগী

চিটাৰা ডেস্ক, 9 মাৰ্চ : নিজৰ সৌন্দৰ্যৰ বাবে প্ৰায়ে চৰ্চাত থাকে বলীউড অভিনেত্ৰী ঊৰ্বশী ৰৌতেলা ৷ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ বিচাৰকৰ আসন শুৱনি কৰা অভিনেত্ৰী গৰাকীৰ আছে অসংখ্য অনুৰাগী ৷ এই অনুৰাগীবোৰৰ মাজত এজন অনুৰাগীৰ ঊৰ্বশী নিজেই হৈ পৰিল অনুৰাগী (Urvashi Rautela latest news) ৷ নিজেই গৈ ওলালগৈ অনুৰাগীৰ ওচৰত ৷

Urvashi
অনুৰাগীৰ অতুলনীয় উপহাৰত অভিভূত উৰ্বশী ৰৌতেলা

ৰাজস্থানৰ জয়পুৰৰ হৰ্ষ নামৰ এজন যুৱকে মাটিৰে সাজি উলিয়ালে ঊৰ্বশী ৰৌতেলাৰ এটা প্ৰতিমূৰ্তি (Urvashi Rautela statue) ৷ সম্পূৰ্ণ একেৰাহে পাঁচদিন নেৰানেপেৰাকৈ কষ্ট কৰি এই প্ৰতিমূৰ্তি তৈয়াৰ কৰি উলিয়াইছে যুৱকজনে ৷

দৰাচলতে সামাজিক মাধ্যম ইন্ষ্টাগ্ৰামত ঊৰ্বশী ৰৌতেলাৰ অনুৰাগীৰ সংখ্যা 46 মিলিয়নৰো অধিক ৷ সেইবাবেই এইজন অনুৰাগীয়ে এক বিশেষ উপহাৰ দিয়াৰ উদ্দেশ্যৰে অভিনেত্ৰী গৰাকীৰে প্ৰতিমূৰ্তি নিৰ্মাণ কৰে ৷ ৰাজস্থানৰ এটা টেলেণ্ট হাণ্ট শ্ব’ত অংশগ্ৰহণৰ বাবে গৈছিল ঊৰ্বশী ৷ শ্ব’টোত হৰ্ষে তৈয়াৰ কৰি উলিওৱা প্ৰতিমূৰ্তিটোও প্ৰদৰ্শন কৰা হৈছিল ৷ তাতেই অভিনেত্ৰী গৰাকীয়ে নিজৰ অনুৰাগীগৰাকীক সাক্ষাৎ কৰে ৷

আগন্তুক সময়ত দক্ষিণৰ ছবি দ্য লীজেণ্ডছ্ত দেখিবলৈ পোৱা যাব ঊৰ্বশী ৰৌতেলাক ৷ ছবিখনৰ শ্বুটিং ইউক্ৰেইনত হৈ আছিল কিন্তু যুদ্ধৰ বাবে মাজতে বন্ধ কৰিবলগীয়া হৈ পৰে শ্বুটিং ৷ যুদ্ধৰ কিছুদিন পূৰ্বলৈকে ঊৰ্বশী ইউক্ৰেইনতে আছিল ৷ নিজৰ জন্মদিন উদযাপনৰ বাবে যুদ্ধৰ আগে আগে মালদ্বীপলৈ যাত্ৰা কৰে ঊৰ্বশীয়ে ৷

লগতে পঢ়ক: IIFA 2022 : আবুধাবিত আইফা এৱাৰ্ডৰ আঁত ধৰিব বলীউডৰ তিনি অভিনেতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.