চিটাৰা ডেস্ক, 25 অক্টোবৰ : সোমবাৰে 67 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা(67th National Film Awards) প্ৰদান অনুষ্ঠানত অনুভৱ কৰা হৈছে বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত(Sushant Singh Rajput)ৰ অনুপস্থিতি ৷ উক্ত অনুষ্ঠানত সুশান্ত অভিনীত ‘চিচোৰে’(Chhichhore) ছবিখনৰ পৰিচালক নীতিশ তিৱাৰী(Nitesh Tiwari)য়ে প্ৰয়াত অভিনেতাগৰাকীৰ শূন্যতা অনুভৱ কৰে ৷
নীতিশ তিৱাৰীৰ দ্বাৰা পৰিচালিত আৰু চাজিদ নাদিয়াদৱালাৰ দ্বাৰা প্ৰযোজিত সুশান্তৰ অন্তিমখন ৰূপালী পৰ্দাৰ চলচ্চিত্ৰ ‘চিচোৰে’ এ ‘শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰ’ৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ বঁটা লাভ কৰে । অনুষ্ঠানত উপস্থিত থাকি তিৱাৰী আৰু নাদিয়াদৱালাই এই বঁটা গ্ৰহণ কৰে ৷
অনুষ্ঠানৰ ৰেড কাৰ্পেটৰ সময়ত দুয়োগৰাকীয়ে সুশান্তক স্মৰণ কৰি এই বঁটা তেওঁৰ নামত উৎসৰ্গা কৰাৰ কথা উল্লেখ কৰে । ‘‘সুশান্ত আমাৰ চলচ্চিত্ৰখনৰ এক অবিচ্ছেদ্য অংশ । তেওঁ আজি আমাক গৌৰৱান্বিত কৰিছে । আমি এই বঁটা তেওঁৰ নামত উৎসৰ্গা কৰিছো’’ ৷ এইদৰে উল্লেখ কৰে তিৱাৰী আৰু নাদিয়াদৱালাই ৷
-
National Film Awards 2021: 'Chhichhore' director Nitesh Tiwari remembers Sushant Singh Rajput at presentation ceremony
— ANI Digital (@ani_digital) October 25, 2021 " class="align-text-top noRightClick twitterSection" data="
Read @ANI Story | https://t.co/015aRfTYst#NationalFilmAwards #SushantSinghRajput pic.twitter.com/oyj7FJIzaS
">National Film Awards 2021: 'Chhichhore' director Nitesh Tiwari remembers Sushant Singh Rajput at presentation ceremony
— ANI Digital (@ani_digital) October 25, 2021
Read @ANI Story | https://t.co/015aRfTYst#NationalFilmAwards #SushantSinghRajput pic.twitter.com/oyj7FJIzaSNational Film Awards 2021: 'Chhichhore' director Nitesh Tiwari remembers Sushant Singh Rajput at presentation ceremony
— ANI Digital (@ani_digital) October 25, 2021
Read @ANI Story | https://t.co/015aRfTYst#NationalFilmAwards #SushantSinghRajput pic.twitter.com/oyj7FJIzaS
ক’ভিড 19(Covid 19) ৰ সংক্ৰমণৰ বাবে পলমকৈ অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান ৷ 67 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত 2019 বৰ্ষৰ মনোৰঞ্জন উদ্যোগৰ শ্ৰেষ্ঠ প্ৰতিভাক সন্মান জনোৱা হয় ৷
‘চিচোৰে’ হৈছে এখন যুৱকেন্দ্ৰিক ছবি, য’ত কলেজীয়া জীৱনৰ ভাল-বেয়া দিশসমূহ প্ৰতিফলিত হৈ উঠিছে ৷ ছবিখনত সুশান্তৰ উপৰিও শ্ৰদ্ধা কাপুৰ, বৰুণ শৰ্মা আৰু তাহিৰ ৰাজ ভাচিনৰ লগতে অভিনয় কৰিছে আন বহুকেইগৰাকী জনপ্ৰিয় বলীউডৰ তাৰকাই ৷ এই চলচ্চিত্ৰখন সুশান্তৰ অন্তিমখন ছবি আছিল ৷
লগতে পঢ়ক : অস্কাৰ লাভৰ যুঁজত ভাৰতৰ প্ৰৱেশৰ বাবে বাছনি প্ৰক্ৰিয়া : শীৰ্ষত শ্বেৰণী, চৰ্দাৰ উধম