ETV Bharat / science-and-technology

Elon Musk: ইলন মাস্কৰ নতুন পৰিকল্পনাই লাভন্বিত কৰিব নেকি টুইটাৰক ?

ইলন মাস্কে টুইটাৰৰ CEO পদৰ পৰা পদত্যাগ কৰিব বুলি কৈছে ৷ কিন্তু ইয়াৰ আঁৰৰ আনটো দিশ হ’ল তেওঁ কোম্পানীটোৰ স্বাৰ্থত এই সিদ্ধান্ত লৈছে আৰু তেওঁ কোম্পানীটোক নতুন ৰূপত লৈ যোৱাৰ দিশত কাম কৰিব ৷

Will Twitter make profits This plan of Elon Musk will give new direction to the company
ইলন মাস্কৰ নতুন পৰিকল্পনাই লাভন্বিত কৰিব নেকি টুইটাৰক ?
author img

By

Published : Dec 21, 2022, 7:19 PM IST

নিউজ ডেস্ক, 21 ডিচেম্বৰ: নিশ্চয় সকলোৰে দৃষ্টিগোচৰ হৈছে যে ইলন মাস্কে প্ৰথমে টুইটাৰ প’ল কৰিছিল আৰু তাৰ পিছত ৰাইজৰ কথা মানি তেওঁ চিইঅ’ পদৰ পৰা পদত্যাগ কৰি টুইটাৰৰ নতুন চিইঅ’ আনিব বুলি ঘোষণা কৰিছে । কিন্তু যদি আমি ইয়াৰ আনটো দিশ চাওঁ, তেন্তে অধিগ্ৰহণৰ পিছৰে পৰা এলন মাস্কে মাইক্ৰ’ব্লগিং প্লেটফৰ্ম টুইটাৰৰ স্বাৰ্থত সঠিক বুলি অনুভৱ কৰা প্ৰতিটো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ তেওঁ টুইটাৰক এক নতুন দিশত লৈ যাব বিচাৰিছে আৰু ইয়াৰ প্ৰস্তুতি তেওঁ এতিয়াৰে আৰম্ভ কৰি দিছে ৷ হয়তো 21 তাৰিখে তেওঁ গ্ৰহণ কৰা এই সিদ্ধান্ত তাৰেই প্ৰমাণ ৷

  • I will resign as CEO as soon as I find someone foolish enough to take the job! After that, I will just run the software & servers teams.

    — Elon Musk (@elonmusk) December 21, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ইলন মাস্কে কোম্পানী এটা অধিগ্ৰহণ কৰাৰ পিছত ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাটো প্ৰথম নহয়, সোঁৱৰাই দিও যে, ইয়াৰ পূৰ্বেও যেতিয়া তেওঁ টেছলা আৰু স্পেচ এক্সৰ দৰে কোম্পানীৰ বাঘজৰী হাতত লৈছিল তেতিয়া তেওঁ বহুবাৰ পৰিৱৰ্তন কৰিছিল বাবেই হয়তো মাস্কৰ একে সিদ্ধান্তৰ ফলত আজি এই দুয়োটা কোম্পানীয়ে শীৰ্ষস্থানত উপনীত হৈছে ।

টুইটাৰ বন্ধ হ’বনে ?

ইলন মাস্কে CEO পদ এৰি যোৱাৰ খবৰ শুনাৰ পিছত নিশ্চয় বহু লোকৰ মনত এই প্ৰশ্ন উত্থাপন হৈছে যে, টুইটাৰৰ ভৱিষ্যত কি হ’ব ? যদি ইলন মাস্কৰ টুইটাৰ বন্ধ কৰাৰ পৰিকল্পনা আছে, তেন্তে তেওঁ নতুন চিইঅ’ হয়তো নিবিচাৰিলেহেতেন । সেয়ে ইয়াৰ পৰা এইটোৱে অনুমান কৰিব পাৰি যে টুইটাৰক নতুন দিশলৈ লৈ যোৱাৰ কামত ব্যস্ত ইলন মাস্ক ।

কোম্পানীটোৱে মাস্কৰ পদত্যাগৰ পৰা লাভৱান হ’ব পাৰে

সকলোৱে জানে যে, প্ৰতিটো মুদ্ৰাৰ দুটা ফাল থাকে, অৱশ্যেই মাস্কে মুদ্ৰাৰ এটা ফাল আমাক সকলোকে দেখুৱাইছে যে, টুইটাৰ সমীক্ষাৰ ফলাফলৰ পিছত মাস্কে সকলোৰে এই কথা শুনি, তেওঁ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

কিন্তু আনহাতে, যদি আমি মুদ্ৰাৰ সিটো ফালে চাওঁ, তেন্তে সম্ভৱ যে, মাস্কে পদত্যাগ ঘোষণা কৰিছে কাৰণ তেওঁৰ আগমনৰ পৰা পিছুৱাই যোৱা বিজ্ঞাপনদাতাসকলে এতিয়া তেওঁ যোৱাৰ পিছত পুনৰ টুইটাৰ অনুসৰণ কৰিছে , যাৰ ফলত কোম্পানীটোৰ লোকচান আগন্তুক সময়ত লাভলৈ ৰূপান্তৰিত কৰিব পৰা যাব ।

টেছলাৰ বিনিয়োগকাৰীসকল বিচলিত হৈছিল যদিও এতিয়া তেওঁলোক কিয় সুখী ?

টুইটাৰৰ কমাণ্ড লোৱাৰ পিছত ইলন মাস্কে টুইটাৰক সঠিক দিশত লৈ যাবলৈ নিজৰ সকলো সময় উলিয়াবলৈ ব্যস্ত হৈ পৰিছিল, যাৰ বাবে তেওঁ পূৰ্বৰ দৰেই স্পেচ এক্স (ফাউণ্ডাৰ) আৰু তেওঁৰ আটাইতকৈ জনপ্ৰিয় ব্ৰেণ্ড গাড়ী ব্ৰেণ্ড টেছলা (চিইঅ’)ৰ ফালে মুখ কৰিছিল ।

টেছলাত বিনিয়োগ কৰা লোকসকলকো একেই কথাই চিন্তিত কৰি তুলিছিল যদিও এতিয়া মাস্কে টুইটাৰ ছিফৰ পদ এৰিব বুলি ঘোষণা কৰাৰ লগে লগে টেছলাৰ ষ্টকত পুনৰ উত্থান ঘটিছে । টুইটাৰ এৰি যোৱাৰ পিছত মাস্কে হয়তো আকৌ এবাৰ টেছলা আৰু স্পেচ এক্সৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ।

টুইটাৰক লৈ চিন্তিত মাস্ক

ইলন মাস্কে নিঃসন্দেহে স্পষ্ট কৰি দিছে যে তেওঁ চিইঅ’ পদৰ পৰা পদত্যাগ কৰিব কিন্তু একে সময়তে তেওঁ স্পষ্ট কৰি দিছে যে তেওঁ চফটৱেৰ আৰু চাৰ্ভাৰ দলৰ সৈতে জড়িত হ’ব ।

কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ডাঙৰ কাৰণ

আমি সকলোৱে অনুভৱ কৰিছিলো যে, ইলন মাস্ক কিমান কঠোৰ যে, তেওঁ নিজৰ কোম্পানীত কাম কৰা বহু লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল, কিন্তু মানুহক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ আঁৰৰ কাৰণটো আন কিবা হ’ব পাৰে । এই কথাটো আপুনি নিশ্চয় শুনিছে যে, প্ৰায়ে কথাবোৰ দেখাৰ দৰে নহয় । আমি সকলোৱে জানো যে ইলন মাস্কে টুইটাৰৰ নিয়ন্ত্ৰণ লোৱাৰ পিছৰে পৰা বিজ্ঞাপনদাতাসকলে পিছুৱাই যাবলৈ আৰম্ভ কৰিছিল, যাৰ বাবে মাস্কে প্ৰতিদিনে বৃহৎ লোকচানৰ সন্মুখীন হৈছিল । এই কাৰণেই মাস্কে খৰচ কমোৱাৰ বাবে বহু কৰ্মচাৰীক কোম্পানীটোৰ পৰা ওলাই অহাৰ পথ দেখুৱাবলগীয়া হৈছিল ।

অৱশ্যে ইলন মাস্কে টুইটাৰৰ CEO পদৰ পৰা পদত্যাগ কৰিব বুলি কৈছে, কিন্তু ইয়াৰ আঁৰৰ আনটো দিশ হ’ল তেওঁ কোম্পানীটোৰ স্বাৰ্থত এই সিদ্ধান্ত লৈছে আৰু তেওঁ কোম্পানীটোক নতুন ৰূপত লৈ যোৱাৰ দিশত কাম কৰিব ৷

লগতে পঢ়ক: YouTube New Feature: ভাৰতীয় ব্যৱহাৰকাৰীয়ে YouTubeত বিভিন্ন ভাষাত চাব পাৰিব ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.