ইন্টৰনেশ্চনেল ডেস্ক, 17 আগষ্ট : উইণ্ড'জ (Windows) ব্যৱহাৰকাৰীসকলৰ বাবে এক বিশেষ খবৰ ৷ উইণ্ড'জত মেটাৰ মালিকানাধীন হোৱাটছএপৰ নতুন এপৰ ব্যৱহাৰকাৰীসকলে এতিয়াৰে পৰা বাৰ্তা প্ৰেৰণ বা গ্ৰহণ কৰিবলৈ প্ৰয়োজন নহ'ব নিজৰ ফোনৰ(WhatsApp now has native standalone app on Windows) ৷
দ্য ভাৰ্জৰ মতে, হোৱাটছএপৰ চাইটত প্ৰকাশিত এক আপডেট অনুসৰি উইণ্ড'জৰ (WhatsApp update on Microsoft Store) এই এপৰ জৰিয়তে মাইক্ৰ'ছফ্ট ষ্ট'ৰৰ পৰা যিকোনো ফটো, ভিডিঅ'জ, জৰুৰী ফাইল ডাউনলোড কৰিব পৰা যাব(Linking phones to sync messages not required) ৷ পূৰ্বে উইণ্ড'জ ব্যৱহাৰকাৰীয়ে হোৱাটছএপ ৱেব ভিত্তিক ডেস্কটপ এপটো ডাউনলোড কৰিবলগীয়া হৈছিল বা তেওঁলোকৰ ৱেব ব্ৰাউজাৰৰ পৰা মেছেজিং সেৱাত প্ৰৱেশ কৰিব লাগিছিল ।
কিন্তু এতিয়াৰ পৰা আপুনি কোনো ৱেব এপ বা ব্ৰাউজাৰৰ ব্যৱহাৰ নকৰি উইণ্ড'জৰ নতুন হোৱাটছএপৰ ব্যৱহাৰ কৰি বাৰ্তা প্ৰেৰণ বা অন্য কাম সমূহ কৰিব পাৰিব ৷ প্ৰতিবেদনত কোৱা হৈছে যে এই নতুন এপটো উইণ্ড'জ ব্যৱহাৰকাৰীসকলৰ বাবে আৰু অধিক দ্ৰুত আৰু অধিক সঁহাৰিজনক কৰি তোলাৰ প্ৰচেষ্টা অৱ্যাহত আছে(Faster and more Responsive) ।
নতুনকৈ ডিজাইন কৰা হোৱাটছএপ এপটোৰ পূৰ্বৰ সংস্কৰণৰ তুলনাত ইয়াৰ ইন্টাৰফেচ যথেষ্ট পৃথক দেখিবলৈ পোৱা গৈছে ৷ আটাইতকৈ উল্লেখযোগ্য পৰিৱৰ্তনটো হ'ল যে, ব্যৱহাৰকাৰীসকলে ফোন আৰু ডেস্কটপ এপৰ মাজত বাৰ্তাসমূহ ছিংক কৰিবলৈ আৰু এতিয়াৰ পৰা তেওঁলোকৰ ফোন অনলাইন কৰি ৰখাৰ প্ৰয়োজন নাই । WhatsAppয়ে জনোৱা মতে, বৰ্তমান তেওঁলোকে macOSৰ বাবেও এটা নেটিভ এপৰ কাম অব্যাহত ৰাখিছে ।
WhatsAppৰ মাল্টি ডিভাইচ ফিচাৰ সম্পূৰ্ণৰূপে ৰোল আউট কৰা হৈছে আৰু ই বিটাৰ বাহিৰত । ইয়াৰ ফলত ব্যৱহাৰকাৰীয়ে ফোনৰ প্ৰয়োজন নোহোৱাকৈয়ে চাৰিটা ডিভাইচলৈকে তেওঁলোকৰ হোৱাটছএপ একাউণ্টৰ সৈতে সংযোগ কৰিব পাৰে, এই সকলোবোৰ এণ্ড টু এণ্ড এনক্ৰিপচন বজাই ৰাখিব পাৰিব ।
লগতে পঢ়ক : WhatsApp new feature: হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ বাবে বিশেষ Feature মুকলি