ETV Bharat / science-and-technology

Climate change affects on birds: জলবায়ু পৰিৱৰ্তনৰ ফলত সংকটত পক্ষীকুল

বিভিন্ন চৰাইৰ প্ৰজাতি যেনে কিলডিয়াৰ, হালধীয়া ৱাৰ্বলাৰ আৰু ঘৰচিৰিকা চৰাইয়ে এতিয়া ১০০ বছৰৰ আগৰ তুলনাত গড়ে 25 দিন পূৰ্বেই কণী পাৰিবলৈ লৈছে । ইয়াৰ কাৰক গোলকীয় জলবায়ুৰ পৰিবৰ্তন (Climate change affects on birds)।

author img

By

Published : Apr 6, 2022, 5:13 PM IST

Climate change affects on birds
জলবায়ু পৰিৱৰ্তনৰ ফলত সংকটত পক্ষীকুল

ৱাশ্বিংটন, এপ্ৰিল ৬: আমেৰিকা যুক্তৰাষ্ট্ৰত কৰা এক অধ্যয়ন অনুসৰি জলবায়ু পৰিৱৰ্তনৰ ফলত পক্ষীকূলৰ মাজত হোৱা বহু জৈৱিক পৰিবৰ্তন লক্ষ্য কৰা গৈছে (Climate change affects on birds) । এই অধ্যয়নে প্ৰমান কৰিছে যে বহুতো প্ৰজাতিৰ চৰাইয়ে এতিয়া আগৰ তুলনাত এমাহ পূৰ্বেই বাহ সাজি কণী পাৰে । গৱেষকসকলে কয় যে কিলডিয়াৰ, হালধীয়া ৱাৰ্বলাৰ আৰু পথাৰৰ চৰাইকে ধৰি এই চৰাইৰ প্ৰজাতিবোৰে এতিয়া ১০০ বছৰৰ তুলনাত গড়ে ২৫ দিন পূৰ্বেই কণী পাৰি আছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফিল্ড মিউজিয়াম অৱ নেচাৰেল হিষ্ট্ৰিৰ গৱেষকসকলৰ নেতৃত্বত দলটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উজনিৰ মধ্য-পশ্চিম অঞ্চলত (Upper Midwest region) ৭২ টা চৰাইৰ প্ৰজাতিৰ বাহ সঁজাৰ তাৰিখৰ সময়ৰ পৰিৱৰ্তন মূল্যায়ন কৰিছিল । জাৰ্নেল অৱ্ এনিমেল ইক'লজীত প্ৰকাশিত এই অধ্যয়নটোৱে সমসাময়িক সাধাৰণ তাৰিখবোৰক আৰ্কাইভ কৰা আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ পৰা চৰাইৰ বাহ সঁজাৰ পূৰ্বৰ ৰেকৰ্ডৰ পৰা উপলব্ধ তাৰিখবোৰৰ সৈতে মিলাই ১৪৩ বছৰৰ (1872-2015) মাজৰ সময়চোৱাৰ এক তথ্যভিত্তিক তুলনা দাঙি ধৰিছিল ।

গৱেষকসকলে কয় যে, গোলকীয় জলবায়ু পৰিৱৰ্তনে প্ৰজাতি আৰু পৰিৱেশ তন্ত্ৰক যথেষ্ট পৰিমাণে ক্ষতি কৰাৰ সম্ভাৱনা দেখা গৈছে (Climate change affects on biodiversity)। তেওঁলোকে উষ্ণতাৰ বাবে প্ৰক্সি জলবায়ু পৰিৱৰ্তনৰ পৰিৱেশ সূচক হিচাপে কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব ব্যৱহাৰ কৰিছিল । ইয়াৰ ফলত গৱেষকসকলে সামগ্ৰিকভাৱে জানিব পাৰে যে, ১৪৩ বছৰৰ সময়ছোৱাত বাহ সঁজা আৰু কণী পৰাৰ সাধাৰণ তাৰিখ প্ৰায় ১০ দিন আগবাঢ়ি গৈছে (Climate change affects) । আৱাসী, কম দূৰত্বৰ প্ৰব্ৰজনকাৰী আৰু দীৰ্ঘ দূৰত্বৰ প্ৰব্ৰজনকাৰী চৰাইবোৰৰ ক্ষেত্ৰত এই হিচাব গড় হিচাপত ক্ৰমান্বয়ে প্ৰায় ১৫, ১৮ আৰু ১৬ দিন আগবাঢ়ি যোৱা বুলি তেওঁলোকে নিৰ্ধাৰণ কৰিব পাৰিছে ।

অধ্যয়নকাৰী সকলে জনায় যে ২৪ টাকৈ প্ৰজাতিৰ চৰাইৰ ক্ষেত্ৰত এই সময় ৩৩.৩ শতাংশ আগবাঢ়ি যোৱা দেখা গৈছে, আৰু আন ৪৭ টা প্ৰজাতিৰ ক্ষেত্ৰত ৬৫.৩ শতাংশ নিৰ্ধাৰিত তাৰিখতকৈ আগতীয়া বা বিলম্ব হোৱা দেখা গৈছে ।

এই অধ্যয়নটোৱে প্ৰজাতি সমূহৰ ফেনোল’জিকেল পৰিৱৰ্তন বুজিবলৈ সময়ৰ মাজেৰে তথ্য সংগ্ৰহ আৰু সংৰক্ষণ দুয়োটাৰ বৈজ্ঞানিক গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে ৷ অধ্যয়নকাৰী সকলে লগতে কয়, এনে তথ্যই মানৱ সৃষ্ট পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি, অনুসৰণ, বুজি পোৱা আৰু সম্ভৱতঃ ভৱিষ্যতবাণী কৰাৰ সামৰ্থ্য প্ৰদান কৰিব ।

লগতে পঢ়ক: সুৰাপানৰ পৰিমাণ কমাব বিচাৰিছে নেকি ? তেন্তে জানি লওক এইকেইটা উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.