ETV Bharat / science-and-technology

নাছাৰ Qube in Spaceৰ শীৰ্ষস্থানত তামিলনাডুৰ ছাত্ৰই প্ৰস্তুত কৰা কৃত্ৰিম উপগ্ৰহ

তামিলনাডুৰ শিক্ষাৰ্থীয়ে প্ৰস্তুত কৰা 64গ্ৰাম ওজনৰ এক বিশেষ কৃত্ৰিম উপগ্ৰহে নাছাৰ প্ৰতিযোগিতাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ নাছাৰ Qube in Space প্ৰতিযোগিতাত জয়লাভ কৰে তামিলনাডুৰ শিক্ষাৰ্থীয়ে প্ৰস্তুত কৰা উপগ্ৰহটোৱে ৷ ইতিমধ্যে এইটো উপগ্ৰহ অহা বৰ্ষৰ জুনত মহাকাশলৈ প্ৰেৰণ কৰিব নাছাই ৷

author img

By

Published : Oct 20, 2020, 8:40 PM IST

Updated : Feb 16, 2021, 7:31 PM IST

নাছাৰ Qube in Spaceৰ শীৰ্ষস্থানত তামিলনাডুৰ ছাত্ৰই প্ৰস্তুত কৰা কৃত্ৰিম উপগ্ৰহ
নাছাৰ Qube in Spaceৰ শীৰ্ষস্থানত তামিলনাডুৰ ছাত্ৰই প্ৰস্তুত কৰা কৃত্ৰিম উপগ্ৰহ

নিউজ ডেস্ক, 20 অক্টোবৰ : তামিলনাডুৰ তিনিগৰাকী শিক্ষাৰ্থী আদনান,কেশাৱান আৰু অৰুণে প্ৰস্তুত কৰি উলিওৱা এক বিশেষ কৃত্ৰিম উপগ্ৰহে লাভ কৰিছে নাছাৰ স্বীকৃতি ৷ নাছাই আয়োজন কৰা Qube in Space প্ৰতিযোগিতাত জয়লাভ কৰিছে তিনিওগৰাকী শিক্ষাৰ্থীয়ে প্ৰস্তুত কৰা ইণ্ডিয়ান ছাৰ্ট নামৰ 64 গ্ৰাম ওজনৰ এইটো বিশেষ কৃত্ৰিম উপগ্ৰহই ৷ উপগ্ৰহটো সম্পূৰ্ণৰূপে সৌৰশক্তিৰ ওপৰত ভিত্তি কৰি বহনক্ষমভাৱে প্ৰস্তুত কৰি উলিয়াইছে তিনিওগৰাকী শিক্ষাৰ্থীয়ে ৷

নাছাই প্ৰতিবছৰে আয়োজন কৰা এই প্ৰতিযোগিতা চলিত বৰ্ষত শীৰ্ষস্থান লাভ কৰে তামিলনাডুৰ তিনিওগৰাকী শিক্ষাৰ্থীয়ে প্ৰস্তুত কৰা এই কৃত্ৰিম উপগ্ৰহে ৷ সমগ্ৰ বিশ্বৰ 63খন দেশৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ভাৰতীয় শিক্ষাৰ্থীয়ে শীৰ্ষস্থান লাভ কৰাটো এক গৌৰৱৰ বিষয় হিচাপে পৰিগণিত হৈছে ৷

প্ৰতিযোগিতাত জয়লাভ কৰা উপগ্ৰহটো অহা বৰ্ষৰ জুন মাহত মহাকাশলৈ প্ৰেৰণ কৰিব নাছাই ৷ যদিহে ইয়াৰ প্ৰক্ষেপন সফল হয়, তেতিয়া হ'লে আদনান, কেশাৱান আৰু অৰুণে প্ৰস্তুত কৰি উলিওৱা ইণ্ডিয়ান ছাৰ্ট নামৰ 64 গ্ৰাম ওজনৰ এই বিশেষ কৃত্ৰিম উপগ্ৰহটো বিশ্বৰ ভিতৰত প্ৰথম ক্ষুদ্ৰাকৃতিৰ কৃত্ৰিম উপগ্ৰহ হিচাপে পৰিগনিত হ'ব ৷

লগতে পঢ়ক : গনেশগুৰি উৰনীয়া সেঁতুত বৰ অসমৰ প্ৰতিছবি প্ৰতিফলিত

Last Updated : Feb 16, 2021, 7:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.