ইন্টাৰনেশ্যনেল ডেস্ক,28 নৱেম্বৰঃ SpaceX এ বাতিল কৰিলে 60 টা ষ্টাৰলিংক উপগ্ৰহ ফেলকন 9 ৰকেটৰ উৎক্ষেপন ৷ শনিবাৰে এই ৰকেট উৎক্ষেপন কৰাৰ কথা ঘোষণা কৰিছিল SpaceX এ ৷ "প্ৰতিকুল বতৰৰ বাবে SpaceX এ ষ্টাৰলিংকৰ প্ৰক্ষেপনত বিলম্ব কৰে ৷ ৰকেট আৰু প্লেলইড সকলো সুৰক্ষিত অৱস্থাতে আছে; দলে তথ্য সম্পূৰ্ণ কৰিবলৈ কিছু অতিৰিক্ত সময় ব্যৱহাৰ কৰিব ৷ সম্প্ৰতি দলে সোমবাৰ 23 নৱেম্বৰৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণৰ বাবে কাম কৰি আছে ৷ "-টুইটযোগে এই কথা ঘোষণা কৰে SpaceX এ ৷
ফেলকন 9 ৰকেটটো 22 নৱেম্বৰ, দেওবাৰে ফ্ল’ৰিডাৰ কেপ কেনাভেৰাল বায়ু সেনা ঘাটিৰ পৰা প্ৰক্ষেপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ এই অভিযানৰ লক্ষ্য হ’ল 60 টা ষ্টাৰলিংক উপগ্ৰহ কক্ষপথত স্থাপন কৰা ৷ ইয়াৰ লগে লগেই SpaceX এ ষ্টাৰলিংক নক্ষত্ৰটোত 230টাৰো অধিক অপাৰেশ্যনেল উপগ্ৰহ অন্তৰ্ভূক্ত কৰাৰ ক্ষেত্ৰত প্ৰসাৰিত হ’ব ৷
উল্লেখ্য যে, পইয়াৰ পূৰ্বে অক্টোবৰত ষ্টাৰলিংকৰ প্ৰক্ষেপন সফলভাৱে পৰিচালিত কৰা হৈছিল ৷ এই পৰ্যন্ত মুঠ 830 টাৰো অধিক ষ্টাৰলিংক উপগ্ৰহ প্ৰক্ষেপন কৰা হৈছে যদিও ইয়াৰ আটাইকেইটা কাৰ্যক্ষম নহয় ৷
লগতে পঢ়ক-সামুদ্ৰিক নিৰাপত্তা সন্দৰ্ভত ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপৰ বৈঠক