ETV Bharat / science-and-technology

ফাণ্ড',ভাৰ্চুৱেল অনুষ্ঠানৰ বাবে এক ব্যতিক্ৰমী মঞ্চ

সৃষ্টিশীল মনৰ বাবে গুগলৰ ব্যতিক্ৰমী পদক্ষেপ ৷ এতিয়াৰে পৰা ঘৰতে থাকি অনুষ্ঠিত কৰিব পাৰিব বিভিন্ন ধৰণৰ অনুষ্ঠান ৷ গুগল ইন-হাউছ ইনকিউবেটৰৰ এৰিয়া 120 ৰ জড়িয়তে মুকলি এক বিশেষ মঞ্চ ৷

author img

By

Published : Sep 11, 2020, 7:14 PM IST

Updated : Feb 16, 2021, 7:31 PM IST

ফাণ্ড' ভাৰ্চুৱেল অনুষ্ঠানৰ বাবে  গুগলৰ ব্যতিক্ৰমী পদক্ষেপ

নেশ্যনেল ডেস্ক, 11 চেপ্তেম্বৰ: সৃষ্টিশীল মনৰ বাবে গুগলে আৰম্ভ কৰিছে এক বিশেষ পদক্ষেপ ৷ বিশেষকৈ সৃষ্টিশীল মনৰ লোকসকলে ইন্টাৰনেটৰ জড়িয়তে লগ হৈ বিভিন্ন বিষয়ত আলোচনা কৰাৰ উপৰিও অনুষ্ঠান পাতিবৰ বাবে সুবিধা হোৱাকৈ এক মঞ্চ তৈয়াৰ কৰি উলিয়াইছে গুগলে ৷ এই মঞ্চত কম্পিউটাৰ বা মবাইল ফোনটোৰ জড়িয়তে ঘৰতে থাকি বা কৰ'বালৈ গৈ থকা অৱস্থাতো এজন লোকে অন্য এজনৰ সৈতে সংযুক্ত হ'ব পাৰিব ৷

গুগল ইন-হাউছ ইনকিউবেটৰৰ এৰিয়া 120 ৰ বিশেষ পদক্ষেপ

গুগল ইন-হাউছ ইনকিউবেটৰৰ এৰিয়া 120ৰ এই মঞ্চ ইতিমধ্যেই কানাডা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিৰ্মানকৰ্তা সকলৰ বাবে মুকলি কৰি দিয়া হৈছে আৰু অতি সোনকালেই অন্য ঠাইটো এই সুবিধা উপলব্ধ হব ৷

এটা ব্লগ পষ্টত গুগলে কয়,"ইয়াৰ ব্যৱহাৰকাৰী সকলৰ বাবে ফাণ্ড'ই নগদীকৰণৰো সুবিধা কৰি দিছে ৷ ইভেন্ট হোষ্ট সকলে টিকটৰ দাম,ৰেহাই দিয়াকে আদি কৰি বিনামূলীয়া অনুষ্ঠানলৈকে সকলোবোৰ নিয়ন্ত্ৰণ কৰিব পাৰিব ৷ ইউটিউব চেনেলৰ সদস্যপদ ব্যৱহাৰ কৰা কিছুসংখ্যকে চেনেলৰ সদস্যসকলক একচেটিয়াভাৱে ফাণ্ড' 'মিট এণ্ড গ্ৰিট' প্ৰদান কৰিব পাৰে ৷

"ইউটিউবাৰসকল আৰু তেওঁলোকৰ অনুৰাগীসকলৰ লগতে লেখক,ফিটনেচ প্ৰশিক্ষক আৰু জীৱনশৈলীৰ পৰামৰ্শদাতা সকলেও অন্য লোকসকলৰ সৈতে সংযুক্ত হবলৈ ফাণ্ড' ব্যৱহাৰ কৰা আমি দেখিবলৈ পাইছো ৷" গুগলে কয় ৷

অনুৰাগীসকলে ফাণ্ড'ত তেওঁলোকৰ প্ৰিয় নিৰ্মাতাসকলৰ অনুষ্ঠান সম্পৰ্কে হোম পেজৰ জড়িয়তে জানিব পাৰিব,লগতে নিৰ্মাতাসকলেও তেওঁলোকৰ অনুষ্ঠানৰ বাবে আগতীয়াকৈ সময় নিৰ্ধাৰণ কৰিব পাৰিব ৷ "সুৰক্ষা আমাৰ প্ৰথম অগ্ৰাধিকাৰ ৷ যিহেতু ফাণ্ড'ই সকলোৰে টিকট সমূহ পৰীক্ষা কৰে,সেয়ে অনিমন্ত্ৰিত অতিথিৰ কোনো ভয় নাই ৷ যিকোনো ধৰণৰ নেতিবাচক ব্যৱহাৰ প্ৰতিহত কৰিবলৈ ৰিপৰ্টিং আৰু ফ্লেগিঙৰ সুবিধা ৰখা হৈছে ৷" গুগলে কয় ৷

লগতে পঢ়ক: 200 আৰৱ ডলাৰৰো অধিক সম্পত্তিৰ গৰাকী হ'ল জেফ বেজ'ছ

Last Updated : Feb 16, 2021, 7:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.