নেশ্যনেল ডেস্ক, 17 আগষ্ট : মিউজিক ষ্ট্ৰীমিং প্লেটফৰ্ম Spotifyয়ে গ্ৰাহকৰ বাবে আগবঢ়াইছে এক বিশেষ অফাৰ ৷ মিউজিক ষ্ট্ৰীমিং প্লেটফৰ্ম স্পটিফাইয়ে নতুন প্ৰিমিয়াম ব্যৱহাৰকাৰীৰ বাবে তিনি মাহৰ বিনামূলীয়া সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিছে (3 months free service for new Spotify premium users)।
নতুন গ্ৰাহকৰ বাবে তিনিমাহৰ এই অফাৰ উপলব্ধ হোৱাৰ বিপৰীতে যিসকল পূৰ্বৰ গ্ৰাহকে ইতিমধ্যে Spotify ব্যৱহাৰ কৰি আছে তেওঁলোকৰ বাবে নতুন Spotify Duo' (Music streaming platform Spotify) এমাহৰ বিনামূলীয়া সুবিধা লাভ কৰিব পাৰিব ।
জানিব পৰা মতে, ১১ ছেপ্টেম্বৰলৈকে ব্যৱহাৰকাৰীৰ বাবে বৈধ থাকিব এই নতুন অফাৰ । স্পটিফাই প্ৰিমিয়াম ব্যৱহাৰকাৰীসকলৰ বাবে তিনিমাহৰ বিনামূলীয়া সেৱা পৰীক্ষাৰ অন্ত পৰাৰ পিছত এই চুক্তিৰ সুবিধা লোৱা গ্ৰাহকসকলৰ পৰা চাবস্ক্ৰিপচনৰ বাবে নিয়মীয়া মূল্য লোৱা হ'ব ।
দ্য ভাৰ্জে প্ৰকাশ কৰা অনুসৰি, এই অফাৰ প্ৰাক্তন প্ৰিমিয়াম সদস্যসকলৰ বাবে উপলব্ধ নহয়, কিন্তু এই প্লেটফৰ্ম সেইসকলৰ বাবে যিসকলে ১৫ জুলাইৰ পূৰ্বে সদস্যপদ বাতিল কৰিছিল ।
এই লোকসকলক ৯.৯৯ ডলাৰত তিনিমাহৰ চাবস্ক্ৰিপচন দিয়া হৈছে । এই নতুন চুক্তিয়ে স্পটিফাইক ইয়াৰ বৃদ্ধি পোৱা গ্ৰাহকৰ সংখ্যা আৰু অধিক বৃদ্ধি কৰাত সহায় কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে । শেহতীয়াকৈ প্লেটফৰ্মটোৱে প্ৰিমিয়াম ব্যৱহাৰকাৰীৰ বাবে শ্বাফেল আৰু প্লেৰ বাবে নতুন বুটামৰ সৃষ্টি কৰিছে ।
কোম্পানীটোৱে (Music streaming platform Spotify) কয় যে, স্পটিফাই প্ৰিমিয়াম ব্যৱহাৰকাৰীৰ বাবে তিনিমাহৰ বিনামূলীয়া সেৱাৰ নতুন পৰিৱৰ্তনে (3 months free service for new Spotify premium users) প্ৰিমিয়াম ব্যৱহাৰকাৰীসকলক প্লে’লিষ্ট আৰু এলবামৰ শীৰ্ষত নিজৰ পছন্দৰ মোড(Mode) বাছি ল'বলৈ অনুমতি দিয়ে আৰু তেওঁলোকক নিজৰ পচন্দৰ পডকাষ্ট আৰু সংগীত নিৰ্বাচন কৰাৰ অনুমতি দিয়ে । স্নেপচেটেও এটা নতুন ডিজাইন পুনৰ প্ৰৱৰ্তন কৰিবলৈ আৰম্ভ কৰে, যিয়ে পডকাষ্ট আৰু সংগীতক পৃথক কৰাত সহায় কৰে ।
লগতে পঢ়ক : WhatsApp ব্যৱহাৰকাৰীসকলৰ বাবে আহিল এক বিশেষ এপ