ETV Bharat / science-and-technology

Motorola Razr 40 Ultra: আকৰ্ষণীয় বৈশিষ্টৰ সৈতে মুকলি হ’ল Motorolaৰ দুটাকৈ নতুন ফল্ডেবল স্মাৰ্টফোন - Motorolaৰ দুটাকৈ নতুন ফল্ডেবল স্মাৰ্টফোন

Motorola Razr 40 আৰু Motorola Razr 40 Ultra ফ্লেগশ্বিপ প্ৰচেছৰ আৰু 6.9 ইঞ্চিৰ ফল্ডেবল ডিছপ্লেৰ সৈতে প্ৰৱৰ্তন কৰা হৈছে । দুয়োটা ফোনতে ডিছপ্লেৰ সৈতে 144Hz ৰিফ্ৰেছ ৰেট পোৱা যাব । ইয়াৰ অন্য বৈশিষ্টসমূহৰ বিষয়ে জানো আহক...

Motorola Razr 40 ultra and Motorola Razr 40 launched know price and specification
আকৰ্ষণীয় বৈশিষ্টৰ সৈতে মুকলি হ’ল Motorolaৰ দুটাকৈ নতুন ফল্ডেবল স্মাৰ্টফোন
author img

By

Published : Jun 2, 2023, 4:49 PM IST

নিউজ ডেস্ক 2 জুন: স্মাৰ্টফোন ব্ৰেণ্ড মটৰ’লাই মুকলি কৰিছে দুটাকৈ নতুন ফল্ডেবল স্মাৰ্টফোন Motorola Razr 40 আৰু Motorola Razr 40 Ultra। দুয়োটা ফোনতে ফ্লেগশ্বিপ প্ৰচেছৰ আৰু ৬.৯ ইঞ্চিৰ ফল্ডেবল ডিছপ্লেৰ সৈতে প্ৰৱৰ্তন কৰা হৈছে । দুয়োটা ফোনতে ডিছপ্লেৰ সৈতে 144Hz ৰিফ্ৰেছ ৰেট পোৱা যায় । দুয়োটা ফোনতে 12GB পৰ্যন্ত ৰেম আছে । ফোনটোৰ মূল্য আৰু অন্যান্য স্পেচিফিকেশনৰ বিষয়ে জানো আহক...

Motorola Razr 40 Ultraআৰু Razr 40ৰ মূল্য

বৰ্তমান ঘৰুৱা বজাৰত মটৰ’লাৰ দুয়োটা ফোন মুকলি কৰা হৈছে । Motorola Razr 40 Ultra ফেংগিয়া ব্লেক, আইচ ক্রিষ্টাল ব্লু আৰু মেজেন্টা শ্বেডছ ৰঙৰ বিকল্পত প্ৰৱৰ্তন কৰা হৈছে । ইয়াক 512 জিবি পৰ্যন্ত ষ্ট’ৰেজ অপচনত 12 জিবি পৰ্যন্ত ৰেমৰ সৈতে ক্ৰয় কৰিব পাৰে । ফোনটোৰ প্ৰাৰম্ভিক মূল্য ৫,৬৯৯ চাইনিজ ইউয়ান (প্ৰায় ৬৬,০০০ টকা) ৰখা হৈছে ।

একে সময়তে Motorola Razr 40 এজুৰ গ্ৰে, চেৰী পাউদাৰ আৰু ব্ৰাইট মুন হোৱাইট ৰঙৰ বিকল্পত প্ৰৱৰ্তন কৰা হৈছে । ফোনটোৰ আৰম্ভণিৰ মূল্য ৩,৯৯৯ চাইনিজ ইউয়ান অৰ্থাৎ প্ৰায় ৪৬ হাজাৰ টকা । বৰ্তমান ভাৰতত এই ফোনসমূহ মুকলি কৰাৰ সন্দৰ্ভত কোম্পানীয়ে কোনো তথ্য দিয়া নাই ।

Motorola Razr 40 Ultra আৰু Razr 40ৰ স্পেচিফিকেশন

Motorola Razr 40 Ultra আৰু Razr 40ত 165Hz ৰিফ্ৰেছ ৰেট আৰু 1.200 নিটছ পিক ব্রাইটনেছৰ সৈতে ৬.৯ ইঞ্চি ফল্ডেবল pOLED ডিছপ্লে আছে ৷ ডিছপ্লেত HDR10+ সমৰ্থনও আছে। একে সময়তে ফোনটোত আছে 144Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 3.6 ইঞ্চিৰ pOLED আউটাৰ কভাৰ ডিছপ্লে, (1,056x1,066 পিক্সেল) ৰিজ’লিউচনৰ সৈতে । Motorola Razr 40 আল্ট্ৰাত কোৱালকম স্নেপড্ৰেগন 4+ জেন 1 প্ৰচেছৰ আৰু এড্ৰিনো 730 জিপিইউৰ সমৰ্থন আছে । একে সময়তে, Snapdragon 7 Gen 1 প্ৰচেছৰ Motorola Razr 40ত সমৰ্থিত ।

মটৰ’লা Razr 40 আল্ট্ৰাৰ কেমেৰা ছেটআপৰ কথা ক’বলৈ গ’লে ইয়াত অপ্টিকেল ইমেজ ষ্টেবিলাইজেচন (OIS) সমৰ্থনৰ সৈতে 12 মেগাপিক্সেলৰ প্ৰাইমেৰী চেন্সৰৰ সৈতে ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ আৰু 13 মেগাপিক্সেল ছেকেণ্ডাৰী আল্ট্ৰা-ৱাইড-এংগল চেন্সৰ আছে । আনহাতে মটৰ’লা Razr 40ত 64 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা আৰু 13 মেগাপিক্সেলৰ আল্ট্ৰা-ৱাইড-এংগল চেন্সৰ আছে । দুয়োটা ফোনতে চেলফিৰ বাবে 32 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা পোৱা যায় ।

Razr 40 Ultra ত 33W ফাষ্ট চাৰ্জিঙৰ সমৰ্থনৰ সৈতে 3,800mAh বেটাৰী পেক কৰা হৈছে, আনহাতে Razr 40 ত 4,200mAh বেটাৰী পেক কৰা হৈছে আৰু 30W ফাষ্ট চাৰ্জিং সমৰ্থন কৰা হৈছে । ইয়াৰ উপৰিও দুয়োটা ফোনতে ৱায়াৰলেছ চাৰ্জিঙৰ সমৰ্থন আছে । Motorola Razr 40 Ultra আৰু Razr 40ত পানী প্ৰতিৰোধীৰ বাবে IP52 ৰেটিঙৰ সৈতে উপলব্ধ ।

লগতে পঢ়ক: Google New Smartphone: Google Pixel 7a নে Pixel 7 কোন হয় সৰ্বোত্তম জানি লওক ইয়াৰ বৈশিষ্টসমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.