ETV Bharat / science-and-technology

Worlds first 200MP smartphone: ভাৰতত মুকলি হ'ল বিশ্বৰ প্ৰথমটো ২০০ মেগাপিক্সেলৰ স্মাৰ্টফোন - Flipkart Big Billion Day

স্মাৰ্টফোন ব্যৱহাৰকাৰী সকলৰ বাবে এক সুখবৰ । মুকলি হ'ল মটৰ’লাৰ ২০০ মেগাপিক্সেলৰ কেমেৰাৰে স্মাৰ্টফোন । কোম্পানীটোৱে ভাৰতত মুকলি কৰিছে ২০০ মেগাপিক্সেলৰ বিশ্বৰ প্ৰথমটো স্মাৰ্টফোন Motorola edge 30 ultra(Worlds first 200 mp smartphone) ।

Motorola edge 30 ultra featuring 200mp camera launched in India
ভাৰতত মুকলি হ'ল বিশ্বৰ প্ৰথমটো ২০০ মেগাপিক্সেলৰ স্মাৰ্টফোন
author img

By

Published : Sep 13, 2022, 8:43 PM IST

নেশ্যনেল ডেস্ক, 13 ছেপ্টেম্বৰ: স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলৰ বাবে এক সুখবৰ । মুকলি হ'ল মটৰ’লাৰ ২০০ মেগাপিক্সেলৰ কেমেৰা স্মাৰ্টফোন । কোম্পানীটোৱে ভাৰতত মুকলি কৰিছে ২০০ মেগাপিক্সেলৰ বিশ্বৰ প্ৰথমটো স্মাৰ্টফোন Motorola edge 30 ultra(Worlds first 200MP smartphone) । এই ফোনটো হৈছে চীনত মুকলি কৰা Moto X30 Pro ৰ গ্লোবেল ভেৰিয়েন্ট । ফোনটো ৮ জিবি + ১২৮ জিবি ইণ্টাৰনেল ষ্ট’ৰেজ ভেৰিয়েন্টত মুকলি কৰা হৈছে । ইয়াৰ মূল্য ৫৯,৯৯৯ টকা ।

২২ ছেপ্টেম্বৰৰ পৰা ফ্লিপকাৰ্টত ইয়াৰ বিক্ৰী আৰম্ভ হ’ব । প্ৰথম অৱস্থাত এই ফোনটো অফাৰৰ অধীনত কোম্পানীয়ে ৫৪,৯৯৯ টকা ক্ৰয় কৰাৰ সুযোগ দিব। লগতে Flipkart Big Billion Dayৰ বিক্ৰীত বেংক অফাৰত ৩০০০ টকাৰ অতিৰিক্ত ৰেহাই দি আপুনি ইয়াক ক্ৰয় কৰিব পাৰিব । দুয়োটা অফাৰৰ সৈতে ৫১,৯৯৯ টকাত ফোনটো পাব ।

Moto Edge 30 Ultra ৰ বৈশিষ্ট্য আৰু স্পেচিফিকেশন(Moto Edge 30 Ultra features and specifications)

ফোনটোত কোম্পানীটোৱে ২৪০০ x ১০৮০ পিক্সেল ৰিজ’লিউচনৰ সৈতে ৬.৬৭ ইঞ্চিৰ Full HD + POLED ডিছপ্লে আগবঢ়াইছে । ডিছপ্লেটোৰ ৰিফ্ৰেছ ৰেট 144Hz আৰু টাচ চেম্পলিং ৰেট 360Hz আছে । এই ডিছপ্লেৰ এস্পেক্ট ৰেচিঅ’ ২০: ৯ আৰু শীৰ্ষ উজ্জ্বলতা স্তৰ ১২৫০ নিট। ফোনটোত 8GB LPDDR 5 ৰেম আৰু 128GB UFS 3.1 ষ্ট’ৰেজ আছে । কোম্পানীয়ে Android 12 OS ত কাম কৰা এই ফোনটোত Snapdragon 8+ Gen 1 প্ৰচেছৰ দিয়া হৈছে ।

ফটোগ্ৰাফীৰ বাবে আপুনি ফোনটোৰ পিছফালে LED ফ্লেছ থকা তিনিটা কেমেৰা পাব, য’ত আছে ২০০ মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা । এই কেমেৰাটো OIS অৰ্থাৎ অপটিকেল ইমেজ ষ্টেবিলাইজেচন সমৰ্থনৰ সৈতে আহে । প্ৰাইমেৰী কেমেৰাৰ উপৰিও ফোনটোৰ বেক পেনেলত ৫০ মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড এংগল লেন্স আৰু ১২ মেগাপিক্সেলৰ টেলিফটো লেন্সো দিয়া হৈছে ।

চেলফিৰ বাবে ফোনটোত দিয়া হৈছে ৬০ মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা । ইন-স্ক্ৰীণ ফিংগাৰপ্ৰিণ্ট চেন্সৰৰ সৈতে সজ্জিত এই ফোনটোৰ বেটাৰী আছে 4610mAh । এই বেটাৰীয়ে 125 W ৰ দ্ৰুত চাৰ্জিং সমৰ্থন কৰে । ফোনটোৰ বিশেষ কথাটো হ’ল ইয়াত 50W বেতাঁৰ চাৰ্জিং সমৰ্থনও আছে । মট’ৰ বাবে শেহতীয়া ৫জি ফোনটোত সংযোগৰ বাবে ৱাই-ফাই ৬, ব্লুটুথ ৫.২, এনএফচি আৰু ইউএছবি টাইপ-চি প’ৰ্টৰ দৰে বৈশিষ্ট্য আছে ।

লগতে পঢ়ক : iphone-14 launched: এপলে মুকলি কৰিলে নতুন iPhone-14 চিৰিজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.