নিউজ ডেস্ক ,২ এপ্ৰিল: এলজি ইলেক্ট্ৰনিক্সে শুক্ৰবাৰে কয় যে উচ্চ-ইণ্ড টিভি বজাৰত ইয়াৰ ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে ৰোলেবল টিভি বিক্ৰী কৰা আৰম্ভ কৰিছে । যোৱা অক্টোবৰ মাহত এলজিয়ে প্ৰথমে ৬৫ ইঞ্চিৰ ৰোলেবল টিভি ১০০ নিযুত মূল্যত দক্ষিণ কোৰিয়াত মুকলি কৰিছিল ।
এলজিয়ে বৃহস্পতিবাৰে ইয়াৰ বিশ্বব্যাপী ৱেবছাইটৰ জৰিয়তে 'ছিগনেচাৰ অ'এলইডি আৰ টিভি'ৰ বিদেশত বিক্ৰী আৰম্ভ কৰিছে । উদ্যোগটোৰ প্ৰথম ৰোলেবল টিভি বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰ , ৰাছিয়া, জাৰ্মানী আৰু ফ্ৰাঞ্চকে ধৰি ১৫ খন দেশত উপলব্ধ । জানিব পৰা মতে কৰ'ণা মহামাৰীৰ বাবে এলজিয়ে অফলাইনৰ পৰিৱৰ্তে অনলাইন বিক্ৰীৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ।
এলজিৰ মতে এই টিভিত ফ্লেক্সিবল অএলইডি ডিছপ্লে আছে য'ত স্ব-পোহৰ পিক্সেল প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । এই টিভিয়ে গ্ৰাহকসকলক এক পৃথক অভিজ্ঞতা প্ৰদান কৰিব । এলজিৰ মতে প্ৰিমিয়াম টিভি বজাৰত ইয়াৰ স্থিতি শক্তিশালী কৰাৰ বাবে ইয়াক ডিজাইন কৰা হৈছে।
এলজিৰ মতে ৰোলেবল টিভিৰ উৎপাদন আৰু মানদণ্ড পৰীক্ষণ চিউলৰ পৰা প্ৰায় ২৬০ কিলোমিটাৰ দক্ষিণ-পূবত অৱস্থিত গুমিত কৰা হৈছে । টিভি এচেম্বলি লাইনত শিল্পী আৰু কাৰুশিল্পৰ লোকসকলে বিলাসী গাড়ী আৰু ঘড়ী তৈয়াৰ কৰাত ব্যৱহৃত একে ধৰণৰ প্ৰণালী ইয়াত ব্যৱহাৰ কৰা হৈছে ।
বজাৰ গৱেষক ওমদিয়াৰ মতে, এলজি যোৱা বছৰ বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ টিভি বিক্ৰেতা আছিল যাৰ ৰাজহৰ অংশ আছিল ১৬.৫ শতাংশ । ইফালে ৩১.৯ শতাংশ অংশৰে প্ৰথম স্থানত আছে দক্ষিণ কোৰিয়াৰ ছেমছাং ইলেক্ট্ৰনিক্স কোম্পানী ।