ETV Bharat / science-and-technology

ভাৰতত মুকলি ছনীৰ BRAVIA XR A80J টিভি - ALLM

ছনী ইণ্ডিয়াই মুকলি কৰিলে এক অত্যাধুনিক প্ৰযুক্তিৰ স্মাৰ্ট টিভি । BRAVIA XR A80J OLED শৃংখলাৰ কগনিটিভ প্ৰচেছৰ এক্স আৰ (cognitive processor XR) ৰ এই নতুন টিভিৰ মূল্য ২,৯৯,৯৯০ টকাৰ পৰা আৰম্ভ হ'ব । BRAVIA XR A80J OLED শৃংখলা বৰ্তমান বৰ্তমান ১৬৪ চেমি (৬৫ ইঞ্চি) উপলব্ধ আনহাতে আৰু দুটা অতিৰিক্ত স্ক্ৰীণ আকাৰ ১৯৫ চেমি (৭৭ ইঞ্চি) আৰু ১৩৯ চেমি (৫৫ ইঞ্চি) শীঘ্ৰে মুকলি কৰা হ'ব ।

Sony tv
ভাৰতত মুকলি ছনীৰ BRAVIA XR A80J টিভি
author img

By

Published : Jun 19, 2021, 7:46 PM IST

বিজনেছ ডেস্ক, ১৯ জুন : ছনী(Sony) ব্যৱহাৰকাৰীসকলৰ বাবে এক ভাল খবৰ । ছনী ইণ্ডিয়াই মুকলি কৰিলে এক অত্যাধুনিক প্ৰযুক্তিৰ স্মাৰ্ট টিভি । BRAVIA XR A80J OLED শৃংখলাৰ কগনিটিভ প্ৰচেছৰ এক্স আৰ (cognitive processor XR) ৰ এই নতুন টিভিৰ মূল্য ২,৯৯,৯৯০ টকাৰ পৰা আৰম্ভ হ'ব । BRAVIA XR A80J OLED শৃংখলা বৰ্তমান বৰ্তমান ১৬৪ চেমি (৬৫ ইঞ্চি) উপলব্ধ আনহাতে আৰু দুটা অতিৰিক্ত স্ক্ৰীণ আকাৰ ১৯৫ চেমি (৭৭ ইঞ্চি) আৰু ১৩৯ চেমি (৫৫ ইঞ্চি) শীঘ্ৰে মুকলি কৰা হ'ব ।

নতুন টিভিটো ভাৰতৰ সকলো ছনী চেণ্টাৰ, মুখ্য ইলেক্ট্ৰনিক দোকান আৰু ই-কমাৰ্চ পৰ্টেলত উপলব্ধ । নতুন OLED শৃংখলাটো কগনিটিভ প্ৰচেছৰ এক্স আৰৰ (cognitive processor XR) দ্বাৰা চালিত যি এক সম্পূৰ্ণ নতুন প্ৰচেছিং পদ্ধতি ব্যৱহাৰ কৰে যি পৰম্পৰাগত AI ৰ বাহিৰত যায় । কোম্পানীটোৰ এক বিবৃতিত উল্লেখ থকা মতে ইয়াক মানুহৰ মগজুৰ দৰে চিন্তা কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে । শ্ৰেণীৰ ভিতৰত শ্ৰেষ্ঠ, অতি-বাস্তৱবাদী ছবিৰ মানদণ্ডৰ উপৰিও নতুন প্ৰচেছৰ এক্সআৰে চাউণ্ড-ফ্ৰম-পিকচাৰ ৰিয়েলিটিৰ সৈতে অবিশ্বাস্য শব্দও প্ৰদান কৰে ৷

A80J ত উচ্চ গতিশীল পৰিসৰৰ উজ্জ্বলতা(HDR), ৰং আৰু বিৱৰণৰ সৈতে 4K স্পষ্টতা সন্নিৱষ্ট কৰা হৈছে ।

ইয়াত ডলবি ভিজন (Dolby Vision) আৰু ডলবি এটমছ (Dolby Atmos) আছে যাতে ঘৰতে ছবিগৃহৰ দৰে উপভোগ কৰিব পৰা যায় । এক্স আৰ মোচন ক্লেৰিটি প্ৰযুক্তিয়ে (The XR Motion Clarity technology) অস্পষ্টতা হ্ৰাস কৰিবলৈ ম'ভিং ছবিবোৰ সঠিকভাৱে নিয়ন্ত্ৰণ কৰে যাতে তীব্ৰ গতিৰ দৃশ্যৰ সময়ত উজ্জ্বলতা কম হ্ৰাস হোৱাৰ লগতে ছবিবোৰ ব্লাৰ নহয় । এক্সআৰ চাউণ্ড পজিচন প্ৰযুক্তিৰ অধীনত একোষ্টিক চাৰ্ফেচ অডিঅ' প্লাছে নিশ্চিত কৰে যে শব্দটো স্ক্ৰীণৰ কেন্দ্ৰৰ পৰা পোনপটীয়াকৈ আহে আৰু টিভিৰ পিছফালে শক্তিশালী একচুৱেটৰ (actuators) থাকে । এক্স আৰ চাৰাউণ্ড প্ৰযুক্তিৰ সৈতে 3D চাৰাউণ্ড আপস্কেলিং প্ৰদান কৰি, ব্যৱহাৰকাৰীসকলে ঘৰত ডলবি এটমছৰ দৰে শেহতীয়া অডিঅ' ফৰ্মেটৰ চলচ্চিত্ৰ চোৱাৰ আমেজ ল'ব পাৰিব ।

The BRAVIA XR চিগনেল প্ৰচেছিং প্ৰযুক্তিয়ে এই টিভিক নিমজ্জিত অভিজ্ঞতাৰ বাবে বহু-মাত্ৰিক ধ্বনি প্ৰস্তুত কৰিবলৈ সক্ষম কৰে । HDMI 2.1 সামঞ্জস্যৰ উপৰিও ইয়াত আছে 4K 120 এফপিএছ, ভেৰিয়েবল ৰিফ্ৰেছ ৰেট (VRR), অটো লো লেটেন্সি মোড (ALLM) আৰু A80J-ত ই-এআৰচি আছে ৷ ব্যৱহাৰকাৰীসকলে তাৎক্ষণিক অন-স্ক্ৰীণৰ সৈতে শ্বুটিং, ক্ৰীড়া আৰু উচ্চ-প্ৰদৰ্শন গেমৰ সুবিধা লাভ কৰিব । এই নতুন টিভিয়ে গ্ৰাহক যথেষ্ট সহাৰি লাভ কৰিব বুলি আশা কৰিছে ছনী ইণ্ডিয়াই ।

লগতে পঢ়ক: Model S ত বেটাৰী পেকৰ শক্তি ক্ষমতা হ্ৰাস কৰিলে টেছলাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.