ETV Bharat / science-and-technology

ভাৰতত ফুজিফিল্মৰ নতুন মিৰৰলেচ কেমেৰা মুকলি

author img

By

Published : Mar 6, 2021, 10:16 PM IST

ভাৰতত ফুজিফিল্মৰ নতুন মিৰৰলেছ কেমেৰা মুকলি ৷ সমগ্ৰ ভাৰতত ফুজিফিল্ম জিএফএক্স ১০০এছ আৰু FUJINON লেন্স জিএফ৮০ এমএমএফ ১.৭ R WR এতিয়া GFX100S Body ৰ বাবে 539,999 টকা আৰু GF80mmF1.7 ৰ বাবে 209,999 টকাত উপলব্ধ ৷ বিশ্বৰ সৰ্বোচ্চ 102MP ফৰমেট চেন্সৰ আৰু বিশেষ ৰঙ উৎপাদনকাৰী প্ৰযুক্তি ব্যৱহাৰ কৰিছে এই কেমেৰাই ৷

fujifilm launched new mirrorless cameras in india

নিউজ ডেস্ক, 6 মাৰ্চ: জাপানীজ ফটোগ্ৰাফী আৰু ইমেজিঙৰ ক্ষেত্ৰৰ বাবে জনাজাত ফুজিফিল্মে ভাৰতীয় বজাৰত GFX 100S আৰু X-E4 মিৰৰলেছ কেমেৰা মুকলি কৰিছে ৷ ভাৰতীয় বজাৰত এতিয়া ফুজিফিল্ম জিএফএক্স ১০০এছ আৰু FUJINON লেন্স জিএফ৮০ এমএমএফ ১.৭ R WR, GFX100S Body ৰ বাবে 539,999 টকা আৰু GF80mmF1.7 ৰ বাবে 209,999 টকাত উপলব্ধ হৈছে ৷ কোম্পানীটোৰ মতে ফুজিফিল্মৰ GFX চিৰিজৰ উদ্ভাৱনী ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি GFX 100S ক লাৰ্জ ফৰমেটেৰে সজ্জিত কৰা হৈছে ৷

এক বিবৃতিত ফুজিফিল্মৰ পৰিচালন সঞ্চালক হাৰুট' ইৱাটাই জানিবলৈ দিয়ে যে, GFX 100s আৰু ফুজিনন লেন্সৰ নতুন লাইন-আপৰ সৈতে কোম্পানীটোৱে সম্পূৰ্ণ বিৱৰণ, মসৃণ গ্ৰেডেচন আৰু আশ্চৰ্যজনকভাৱে সঠিক ৰঙৰ সৈতে উৎকৃষ্ট মানদণ্ডৰ ছবি উৎপাদন কৰিব বিচাৰিছে ৷ কেমেৰাটোৰ কেইটামান উল্লেখযোগ্য বিশেষত্ব হৈছে-

  • এই কেমেৰাই এক সম্পূৰ্ণ নতুন পৰ্যায়ত উৎকৃষ্ট ফটো দিয়াৰ বাবে বিশ্বৰ সৰ্বোচ্চ 102MP ফৰমেট চেন্সৰ আৰু বিশেষ ৰঙ উৎপাদনকাৰী প্ৰযুক্তি ব্যৱহাৰ কৰিছে ৷
  • উচ্চ স্তৰৰ গতি আৰু সঠিকতাৰ লগতে এই কেমেৰাক ফাইভ-এক্সিছ ইমেজ ষ্টেবিলাইজেশ্যন আৰু অট'ফকাচ ফাংচনেৰে সজ্জিত কৰা হৈছে ৷
  • GFX 100S ৰ অভিজ্ঞতা যোগ কৰাৰ বাবে কোম্পানীয়ে GF80mmF1.7 R WR ফুজিনন লেন্সো মুকলি কৰিছে ৷ যিয়ে কেমেৰাটোৰ ক্ষমতাক অন্য এক মাত্ৰা প্ৰদান কৰিছে ৷
  • এই নতুন GF লেন্স GFX চিৰিজৰ মিৰৰলেছ ডিজিটেল কেমেৰাৰ বাবেই বিশেষকৈ প্ৰস্তুত কৰি উলিওৱা হৈছে ৷

লগতে পঢ়ক: ভাৰতত মুকলি হোৱা ৰেডমি নোট 10 ছিৰিজৰ বৈশিষ্ট্যসমূহ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.