ETV Bharat / science-and-technology

Miss Call Fraud: সাৱধান ! OTP নিবিচৰাকৈয়ে লুটি নিলে ৫০ লাখ টকা

author img

By

Published : Dec 13, 2022, 8:52 PM IST

বৰ্তমান সময়ত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ অপৰাধৰ ঘটনা ৷ এতিয়া প্ৰৱঞ্চকসকলে মানুহক প্ৰৱঞ্চনা কৰাৰ নতুন উপায় বিচাৰি উলিয়াইছে । এতিয়া প্ৰৱঞ্চকসকলে OTP নিবিচৰাকৈয়ে ক্লিয়াৰ কৰি আছে মানুহৰ একাউণ্ট ।

Fraudsters found a new way to cheat millions of rupees are disappearing from the account without OTP
সাৱধান! OTP নিবিচৰাকৈয়ে লুটি নিলে ৫০ লাখ টকা

নিউজ ডেস্ক, 13 ডিচেম্বৰ: বৰ্তমান সময়ত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ অপৰাধৰ ঘটনা ৷ একাউণ্ট সুৰক্ষিত কৰি ৰাখিবলৈ, বেংকে সদায় নিজৰ গ্ৰাহকক সতৰ্ক কৰি থাকে যে তেওঁলোকে যাতে কেতিয়াও কাৰো সৈতে নিজৰ OTP শ্বেয়াৰ নকৰে, কিন্তু প্ৰৱঞ্চকসকলে এতিয়া মানুহক প্ৰৱঞ্চনা কৰাৰ নতুন উপায় বিচাৰি উলিয়াইছে(Miss Call Fraud) ।

উল্লেখ্য যে, শেহতীয়াকৈ প্ৰৱঞ্চকসকলে দক্ষিণ দিল্লীত বাস কৰা এজন ব্যক্তিৰ বেংক একাউণ্টৰ পৰা ৫০ লাখ টকা হৰলুকি কৰিছে । এই ঘটনাৰ বিতংভাৱে জানো আহক যাতে আপুনিও প্ৰৱঞ্চনাৰ বলি নহয়(Fraudsters found a new way to cheat) ৷

সংবাদ মাধ্যমৰ খবৰ অনুসৰি এটা ছিকিউৰিটি চাৰ্ভিচ কোম্পানীত কৰ্মৰত এজন সঞ্চালকে তেওঁৰ মোবাইল নম্বৰত এটা অচিনাকি নম্বৰৰ পৰা মিছ কল আহি আছিল আৰু এই মিছ কলসমূহৰ দ্বাৰাই চকুৰ পলকত এইগৰাকী ব্যক্তিৰ এক অথবা দুই নহয় সম্পূৰ্ণ ৫০ লাখ টকা নোহোৱা হৈ যায় । অৰ্থাৎ প্ৰৱঞ্চকসকলে অ’টিপি নিবিচৰাকৈয়ে এই ঘটনা কাৰ্যকৰী কৰিছে । প্ৰতিবেদনৰ পৰা পোৱা তথ্য অনুসৰি সন্ধিয়া ৭ বজাৰ পৰা নিশা ৮.৪৫ বজালৈ কিছু ব্লেংক আৰু মিছড ফোনকল আহিছিল ৷ এই ভুক্তভোগীগৰাকীয়ে কিছুমান ফোন ৰিচিভ কৰিছিল যদিও সন্মুখৰ পৰা কোনো শব্দ নোহোৱাত কলটো কাটি দিছিল, আনহাতে কিছুমান ফোনক আওকাণ কৰা হৈছিল ।

কিছুদিনৰ পাছত দিল্লীত বাস কৰা এই ব্যক্তিজনে যেতিয়া তেওঁৰ মোবাইল ফোনত পোৱা মেছেজটো চাই, তেতিয়া তেওঁ হতভম্ব হৈ উঠে, মেছেজটোত লিখা আছিল যে, RTGSৰ জৰিয়তে একাউণ্টৰ পৰা প্ৰায় ৫০ লাখ টকা ট্ৰেন্সফাৰ হৈছে ।

ইয়াৰ পিছতে এই ব্যক্তিগৰাকীয়ে লগে লগে তেওঁৰ সৈতে এই জালিয়াতিৰ বিষয়ে আৰক্ষীক অৱগত কৰে, গোচৰ ৰুজু কৰি আৰক্ষীয়ে বৰ্তমান তদন্ত আৰম্ভ কৰিছে । প্ৰাৰম্ভিক তদন্তত এই প্ৰৱঞ্চনা জামতাৰাৰ পৰাই কাৰ্যকৰী কৰা হৈছে বুলি জানিব পৰা গৈছে ।

কেনেকৈ সংঘটিত হ’ল প্ৰৱঞ্চনা?

OTP নথকা প্ৰৱঞ্চকসকলে এই ঘটনা কেনেকৈ সংঘটিত কৰিলে সেই প্ৰশ্নটো নিশ্চয় আপোনাৰ মনলৈ আহিছে । কোৱা হৈছে যে, জামতাৰাত বহি থকা একাংশ চাইবাৰ অপৰাধীয়ে এনে ঘটনা সংঘটিত কৰে । এইক্ষেত্ৰত আৰক্ষীৰ মতে প্ৰৱঞ্চকসকলে নিশ্চয় SIM Swapৰ সহায় লৈছিল, অনুমান কৰা হৈছে যে এই কাণ্ড সংঘটিত কৰা অপৰাধীসকলে নিশ্চয় RTGS ট্ৰেন্সফাৰ আৰম্ভ কৰি OTP এক্টিভেট কৰিছিল । কোৱা হৈছে যে, প্ৰৱঞ্চকসকলে হয়তো SIM Swapৰ জৰিয়তে OTP লাভ কৰিছে ।

হয়, আপুনি ঠিকেই পঢ়িছে, আগতে প্ৰায়ে শুনা গৈছিল যে যদি OTP শ্বেয়াৰ কৰা হয় তেন্তে বেংক একাউণ্টৰ পৰা টকা হেৰাই যায়, কিন্তু এতিয়া প্ৰৱঞ্চকে OTP অবিহনে একাউণ্টৰ পৰা টকা হৰলুকি কৰাৰ নতুন উপায় বিচাৰি উলিয়াইছে ।

লগতে পঢ়ক: Twitter verified: আপোনাৰো টুইটাৰ ভেৰিফাইড একাউণ্টৰ ৰং সলনি হৈছে নেকি ? জানক ইয়াৰ কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.