ETV Bharat / science-and-technology

Create Call link on WhatsApp : হোৱাটছ এপত Create Call link ৰ নতুন সুবিধা - Create Avatar features in WhatsApp

হোৱাটছ এপত দিয়া হৈছে Create Call linkৰ নতুন সুবিধা (Create Call link features in WhatsApp)। Zoom বা Google Meetৰ দৰেই একে সময়তে অধিক লোকে গ্ৰুপ ভিডিঅ' কলত যোগদান কৰিব পাৰিব । এই সুবিধা কেনেদৰে ল'ব পাৰিব ?

Whatsapp
হোৱাটছ এপত Create Call link ৰ নতুন সুবিধা
author img

By

Published : Oct 26, 2022, 1:32 PM IST

নিউজ ডেস্ক,২৬ অক্টোবৰ : WhatsApp ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ । এতিয়াৰে পৰা Zoom বা Google Meetৰ দৰে বিশেষ সুবিধা থাকিব WhatsAppত । Zoom বা Google Meetৰ দৰেই একে সময়তে অধিক লোকে গ্ৰুপ ভিডিঅ' কলত যোগদান কৰিব পাৰিব (Group video call features in WhatsApp)। শেহতীয়াকৈ WhatsAppত এই নতুন সুবিধা দিয়া হৈছে ।

WhatsAppত ক্ৰিয়েট কল লিংক (Create Call link) নামৰ এটা সুবিধা দিয়া হৈছে (Create Call link features in WhatsApp)। এই সুবিধা ইতিমধ্যে বহুতো ব্যৱহাৰকাৰীয়ে লাভ কৰিছে । WhatsApp কৰ্তৃপক্ষই এই নতুন সুবিধা সন্দৰ্ভত কয় যে আন এপ্পৰ তুলনাত গ্ৰুপ কলিঙৰ সুবিধাটো ব্যৱহাৰকাৰীসকলৰ বাবে অধিক সুলভ কৰি তুলিবলৈ এই সুবিধাটো প্ৰৱৰ্তন কৰা হৈছে । এই সুবিধাটো কেনেদৰে ল'ব পাৰিব....

  • প্ৰথমে WhatsApp অ'পেন কৰক আৰু Create call link সুবিধা পাবলৈ calls icon ত ক্লিক কৰক ।
  • ক্লিক কৰাৰ পাছত, Call Type লৈ গৈ অডিঅ'/ভিডিঅ' ক্লিক কৰক । WhatsAppৰ জৰিয়তে লিংক প্ৰেৰণ কৰক, লিংক কপি কৰক বা শ্বেয়াৰ লিংকৰ বিকল্পবোৰ ওলাব ।
  • ব্যৱহাৰকাৰীয়ে বাছনি কৰা Call প্ৰকাৰৰ ওপৰত ভিত্তি কৰি লিংকটো সৃষ্টি কৰা হয় । ব্যৱহাৰকাৰীয়ে লিংকটো WhatsAppৰ জৰিয়তে আনলৈ প্ৰেৰণ কৰিব পাৰে, Copy কৰিব পাৰে বা শ্বেয়াৰ কৰিব পাৰে ।
  • যদি আন ব্যৱহাৰকাৰীসকলে লিংকটোত ক্লিক কৰে, তেওঁলোকে দুটা বিকল্প দেখিব, Join কৰক আৰু এৰি দিয়ক । আপুনি Join ক্লিক কৰি গ্ৰুপ কলত অংশগ্ৰহণ কৰিব পাৰে । প্ৰযুক্তি বিশেষজ্ঞসকলে উল্লেখ কৰা মতে এবাৰ ব্যৱহাৰকাৰীয়ে সৃষ্টি কৰা লিংকটো ৯০ দিনৰ বাবে ব্যৱহাৰ কৰিব পাৰে । অৱশ্যে এই সন্দৰ্ভত WhatsAppৰ পৰা কোনো আনুষ্ঠানিক তথ্য পোৱা হোৱা নাই ।
  • এই লিংকৰ জৰিয়তে কিমান জন লোকে একেলগে এটা গ্ৰুপ কলত অংশগ্ৰহণ কৰিব পাৰে সেয়াও স্পষ্ট হোৱা নাই । বৰ্তমানৰ আপডেট অনুসৰি, ৩২ জন লোকে এটা সময়ত WhatsAppত অংশগ্ৰহণ কৰিব পাৰে । খবৰ অনুসৰি এই সংখ্যা সোনকালেই বৃদ্ধি কৰা হ'ব ।
  • শেহতীয়াকৈ WhatsAppয়ে গ্ৰুপৰ সদস্যৰ সংখ্যা ৫১২ ৰ পৰা ১০২৪ লৈ বৃদ্ধি কৰিবলৈ পৰীক্ষা আৰম্ভ কৰিছে । এই সুবিধাটো গ্ৰুপ কলিঙৰ বাবেও প্ৰৱৰ্তন কৰা হ'ব পাৰে ।

ইয়াৰ উপৰিও, WhatsAppয়ে বহুতো এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে Create Avatar সুবিধা প্ৰৱৰ্তন কৰিছে (Create Avatar features in WhatsApp)। এই সুবিধাৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে তেওঁৰ পচন্দৰ অৱতাৰ এটা বাছনি কৰিব পাৰে । তাৰ ওপৰত নিৰ্ভৰ কৰি, WhatsAppয়ে ব্যৱহাৰকাৰীক এটা নতুন ষ্টিকাৰৰ পেক দিব (WhatsApp user will get sticker pack)। ব্যৱহাৰকাৰীসকলে ইয়াত অৱতাৰবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিব পাৰে আৰু ইয়াক প্ৰ'ফাইল ফটো বা ডিপি (DP) হিচাপে ব্যৱহাৰ কৰিব পাৰে ।

লগতে পঢ়ক:WhatsApp Outage: হাজাৰ হাজাৰ ব্যৱহাৰকাৰীৰ বাবে বন্ধ হ'ল WhatsApp

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.