ETV Bharat / science-and-technology

Amazon under investigation, শ্ৰম আইন উলংঘা কৰি বিপদত আমাজন !

author img

By

Published : Aug 12, 2022, 1:03 PM IST

Updated : Aug 13, 2022, 12:37 PM IST

শ্ৰম আইন উলংঘাৰ বাবে বিপদত পৰিল আমাজন ৷ স্পেইনৰ কেটালনিয়াত কেইবাবছৰ ধৰি উপ-ঠিকাদাৰী পদ্ধতিক লৈ আমাজনৰ বিৰুদ্ধে আঞ্চলিক শ্ৰম কৰ্তৃপক্ষৰ তদন্ত অব্যাহত(Amazon under investigation) ।

amazon-fined-again-for-breaching-labour-laws-in-spain
শ্ৰম আইন উলংঘা কৰি বিপদত পৰিল আমাজন!

ইন্টাৰনেশ্চনেল ডেস্ক, 12 আগষ্ট : বিগত কেইবা বছৰ ধৰি ই-কমাৰ্চ কোম্পানী আমাজনৰ বিৰুদ্ধে স্পেইনৰ কেটালনিয়াত শ্ৰম আইন উলংঘাৰ বাবে আঞ্চলিক শ্ৰম কৰ্তৃপক্ষই তদন্ত অব্যাহত ৰাখিছে(Amazon under investigation) । স্থানীয় খবৰ অনুসৰি, আমাজনৰ ওপৰত প্ৰায় ৩,৩০৩,৪০৮ ডলাৰ জৰিমনা বিহা হৈছে (Regional labour authorities) । ২০২০ চনত টেকক্ৰাঞ্চে আমাজনে শ্ৰম আইন উলংঘা কৰাৰ তথ্য লাভ কৰিছিল (breaching labour laws) ।

দুয়োটা ক্ষেত্ৰতে জেনেৰেলিটেটে ডেলিভাৰী সেৱাৰ বাবে বা ইয়াক অস্থায়ী কৰ্মচাৰী প্ৰদানৰ বাবে আমাজনে উপ-ঠিকাদাৰী কৰা কোম্পানীসমূহক জৰিমনা বিহিছিল, শেহতীয়া গোচৰটোত ১৭টা কোম্পানীক মুঠ প্ৰায় ২৬ লাখ ইউৰো জৰিমনা আৰোপ কৰিছিল ।

আঞ্চলিক চৰকাৰৰ এগৰাকী মুখপাত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছে যে, শ্ৰমিক অধিকাৰৰ বিধি অনুসৰি, “কাটালন শ্ৰমিক পৰিদৰ্শকে উপ-ঠিকাদাৰী শ্ৰমিকৰ বাবে আমাজনক (মুঠ) ৫৮ লাখ ইউৰো জৰিমনা বিহাৰ প্ৰস্তাৱ দিছে, ।”

ইয়াৰ পিছতে আমাজনৰ সৈতে যোগাযোগ কৰাৰ পিছত কোম্পানীটোৰ এগৰাকী মুখপাত্ৰই এই ক্ষেত্ৰত মন্তব্য প্ৰকাশ কৰি কয় যে, “আমি চলি থকা আইনী গোচৰসমূহৰ ওপৰত কোনো মন্তব্য নকৰো”৷

লগতে পঢ়ক : WhatsApp new feature: হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ বাবে বিশেষ Feature মুকলি

Last Updated : Aug 13, 2022, 12:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.