ETV Bharat / politics

লখিমপুৰত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পোষ্টাৰ ফালি পেলোৱাৰ কাৰণ ব্যাখ্যা মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 4:54 PM IST

Updated : Jan 23, 2024, 10:19 AM IST

Himanta Biswa Sarma: ভূপেন বৰাৰ ঘৰৰ সন্মুখত নৰেন্দ্ৰ মোদীৰ ফটো লগালে ভালপাব নেকি ? প্ৰশ্ন মুখ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰীগৰাকীৰ মতে অনুমতি নোলোৱাকৈ লগোৱাৰ বাবেই লখিমপুৰত ভাৰত জোড়ো যাত্ৰাৰ পোষ্টাৰ ফালি পেলাইছিল একাংশই ৷

nyay yatra poster vandalise
himanta biswa sarma

ওদালগুৰিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ওদালগুৰি, 21 জানুৱাৰী: ‘‘বেলেগৰ ঘৰত বেলেগে অনুমতি নোলোৱাকৈ পোষ্টাৰ লগালে ফালিবই ৷ কংগ্ৰেছৰ সমৰ্থকৰ ঘৰত বিজেপিৰ পোষ্টাৰ লগালেও ফালি দিব ৷’’ লখিমপুৰত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পোষ্টাৰ ফলাৰ প্ৰসংগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ড৹ শৰ্মাই কয় যে অসম চৰকাৰে কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা প্ৰদান কৰা নাই ৷ আৰক্ষীয়েও ক’তো বাধা দিয়া নাই ৷ বৰঞ্চ ন্যায় যাত্ৰা যাতে সুকলমে পাৰ হৈ যায়, তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়েও নিজৰ অনুষ্ঠান বাতিল কৰা বুলি উল্লেখ কৰে ৷

ঘৰৰ গৰাকীৰ অনুমতি নোলোৱাকৈ পোষ্টাৰ লগোৱাৰ বাবেহে লখিমপুৰত একাংশই পোষ্টাৰ ফালি দিয়া বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ ভূপেন বৰা-ৰকিবুল হুছেইনৰ ঘৰৰ সন্মুখত নৰেন্দ্ৰ মোদীৰ ফটো এখন লগাই থৈ আহিলে তেওঁলোকে ভালপাব নেকি বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে দেওবাৰে ওদালগুৰিৰ মাজবাটত ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে ৷ মাজবাটত ১২ হাজাৰ ৬২ টা পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা হয় । ৰেচন কাৰ্ড থকাসকলে বিনামূলীয়াকৈ ৰন্ধন গেছ লাভ কৰিব বুলি উল্লেখ কৰে যে ৩০০ টকাকৈ প্ৰতিটো চিলিণ্ডাৰত ৰেহাই পাব হিতাধিকাৰীয়ে ৷

আনহাতে আত্মসহায়ক গোটৰ সদস্যসকলক দহ হাজাৰ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কাম কাইলৈৰ পৰা আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰোপৰি ওদালগুৰিত উন্নতমানৰ ষ্টেডিয়াম নিৰ্মাণৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । অতি শীঘ্ৰেই BTRৰ বাসিন্দাই ভূমিৰ অধিকাৰ লাভ কৰিব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: ৰাম মন্দিৰৰ অভিষেকৰ দিনা ৰাহুল গান্ধীক বিয়লি বটদ্ৰৱা সত্ৰ দৰ্শনৰ আহ্বান অসমৰ মুখ্যমন্ত্ৰীৰ

Last Updated : Jan 23, 2024, 10:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.