ETV Bharat / lifestyle

বিশ্ব নিমোনিয়া দিৱস 2021 - নিমোনিয়া

প্ৰতিবছৰে 12 নৱেম্বৰৰ দিনটো বিশ্ব নিমোনিয়া দিৱস (World Pneumonia Day) হিচাপে পালন কৰা হয় ৷ বিশ্বজুৰি এই ৰোগবিধৰ বিষয়ে সকলোকে সতৰ্ক কৰি তোলাৰ উদ্দেশ্যে এই দিৱসটি পালন কৰা হয় ৷

World Pneumonia Day 2021
বিশ্ব নিউমোনিয়া দিৱস 2021
author img

By

Published : Nov 12, 2021, 10:02 AM IST

Updated : Nov 12, 2021, 1:01 PM IST

নিউজ ডেস্ক, 12 নৱেম্বৰ : নিমোনিয়া (Pneumonia) হ’ল হাঁওফাঁওৰ সংক্ৰমণ, যি নাক আৰু ডিঙিৰ উৰ্ধৰ শ্বাসনলীৰ সংক্ৰমণৰ ফলত হয় ৷ যিকোনো বয়সৰ লোকেই এই ৰোগত আক্ৰান্ত হ’ব পাৰে ৷ কিন্তু বিশেষকৈ 2 বছৰৰ তলৰ শিশু আৰু 65 বছৰৰ উৰ্দ্ধৰ লোকৰ এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক ৷

নিমোনিয়াত আক্ৰান্ত হোৱাৰ কিছুমান কাৰণৰ ভিতৰত আছে, হস্পিচ বা প্ৰতিষ্ঠানিক পৰিৱেশত বাস কৰা, ভেণ্টিলেটৰ ব্যৱহাৰ কৰা, সঘনাই চিকিৎসালয়ত ভৰ্তি হোৱা, হাপানি, হৃদৰোগ, চিগাৰেট সেৱন কৰা, দুৰ্বল ৰোগ প্ৰতিৰোধ প্ৰণালী, হাঁওফাঁওৰ ৰোগ যেনে COPD ৷

যিসকল লোকে সুৰা বা ড্ৰাগছ অত্যাধিক ব্যৱহাৰ কৰে, তেওঁলোকৰ মস্তিষ্কৰ আঘাত বা খাদ্য গিলিবলৈ সমস্যা আদিৰ দৰে চিকিৎসাজনিত সমস্যা ভুগে ৷ ইয়াৰ উপৰিও অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়াৰ পৰা আৰোগ্য হোৱা (যাৰ বাবে এনাস্থেচিয়াৰ প্ৰয়োজন) আদি ব্যক্তিৰো নিমোনিয়াৰ আশংকা থাকে । এই ৰোগ প্ৰতিৰোধৰ বাবে নিমোনিয়া ভেকছিন লোৱাৰ উপৰিও কেইটামান স্বাস্থ্যকৰ অভ্যাস আছে যি আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰি ৰখাত সহায় কৰিব পাৰে ।

বিশ্ব নিমোনিয়া দিৱস উপলক্ষে আমি আপোনাক এই ৰোগৰ পৰা নিজকে ৰক্ষা কৰাৰ কেইটামান উপায় দিব বিচাৰিছো :

1. ধূমপান পৰিহাৰ কৰক

2. গৰম পানীৰ লগতে চাবোনৰ পানীৰে হাত পৰিস্কাৰ কৰক

3. যদি আপুনি হাত ধুব পৰা নাই তেন্তে alcohol-based ছেনিটাইজাৰ ব্যৱহাৰ কৰক

4. শাৰিৰীকভাৱে অসুস্থ লোকৰ পৰা নিশ্চিত দূৰত্ব বজাই ৰাখক

5. সু-স্বাস্থ্যকৰ খাদ্যভাস গঢ়ি তোলক য’ত ফল-মূল, শাক-পাচলি, ফাইবাৰ আৰু প্ৰ’টিন অন্তৰ্ভুক্ত হৈ থাকে

6. চৰ্দি বা ফ্লু থকা লোকৰ পৰা শিশু আৰু কেঁচুৱাক আঁতৰাই ৰখাটোৱে তেওঁলোকৰ বিপদাশংকা হ্ৰাস কৰাত সহায় কৰে

7. আপোনাৰ শিশুটিৰ নাক পৰিস্কাৰ আৰু শুকান কৰি ৰখাত গুৰুত্ব দিয়ক

8. সন্তানক হাঁচি মাৰিবলৈ আৰু হাতৰ সলনি কিলাকুটিত কাহিবলৈ শিকাওঁক । ই আনলৈ বীজাণুৰ বিস্তাৰ হ্ৰাস কৰে

যদি আপোনাৰ চৰ্দি হয় আৰু ই নিমোনিয়ালৈ পৰিৱৰ্তিত হ'ব পাৰে বুলি চিন্তিত, চিকিৎসকৰ পৰামৰ্শ লোৱাৰ উপৰিও আপুনি এই পৰামৰ্শবোৰ অনুসৰণ কৰিব পাৰে :

1. চৰ্দি-কাহ আদি ৰোগৰ পৰা আৰোগ্য লাভৰ পিছতো প্ৰয়োজনীয় বিশ্ৰাম গ্ৰহণ কৰক

2. তৰল খাদ্য গ্ৰহণ কৰক

3. হিউমিডিফায়াৰ ব্যৱহাৰ কৰক

4. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে ভিটানিম C আদিৰ দৰে চাপ্লিমেন্ট গ্ৰহণ কৰক

অস্ত্ৰোপচাৰৰ পিছত নিমোনিয়া পৰিহাৰ কৰাৰ বাবে কিছু পৰামৰ্শ :

1. গভীৰ উশাহ আৰু কাহৰ ব্যায়ামৰ অভ্যাস কৰক

2. হাত পৰিস্কাৰ কৰি ৰাখক

4. মৌখিক পৰিস্কাৰ-পৰিচ্ছন্নতা যথেষ্ট প্ৰয়োজনীয়

5. যিমান সম্ভৱ বহিবলৈ আৰু সোনকালে খোজ কাঢ়িবলৈ চেষ্টা কৰক

লগতে পঢ়ক : বিশ্ব মেন’পজ দিৱস 2021 : মৌলিক বিষয়সমূহ বুজি লওক

Last Updated : Nov 12, 2021, 1:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.