নিউজ ডেস্ক, 10 মাৰ্চ: এক নতুন অধ্যয়ণত উন্মোচিত হৈছে ডাঙৰকৈ শব্দ শুনাৰ পিছত অস্থায়ীভাৱে নুশুনা হৈ যোৱা ৰহস্য ৷
প্ৰচীদিংচ অৱ ডা নেশ্বনেল একাডমি অৱ চায়েঞ্চেচ(Proceedings of the National Academy of Sciences) শীৰ্ষক এখন জাৰ্ণেলত ডাঙৰ শব্দ শুনাৰ পিছত কাণখন সংক্ষাহীন হৈ যোৱা আৰু নুশুনা হৈ যোৱা বিষয়ে উল্লেখ কৰা হৈছে ৷
সচৰাচৰ বহু লোকৰ এনে হোৱাতো পৰিলক্ষিত হয় ৷ কাণৰ থকা ক্যালসিয়াম আয়ন সমূহৰ বাবে এনে হয় ৷
ক্যালসিয়াম আয়ন সমূহত পজেটিভ চাৰ্জ থাকে যিয়ে শুনাৰ প্ৰক্ৰিয়াত অৰিহণা যোগাই ৷ এই আয়ন সমূহ কিছুমান ফ্লুইডত থাকে ৷ এই আয়ন সমূহৰ প্ৰাকৃতিক সমতা অস্থিৰ হৈ যোৱাৰ ফলত শুনাৰ প্ৰক্ৰিয়াত ব্যায়ঘাত জন্মে ৷