ETV Bharat / lifestyle

HIV ত আক্ৰান্ত লোক কৰ'ণাত আক্ৰান্ত হলে মৃত্যুৰ সম্ভাৱনা অধিকঃ পোহৰলৈ আহিছে এই তথ্য - প্ৰখ্যাত আলোচনী "ছায়েন্টিফিক ৰিপৰ্ট"

পেনছিলভেনিয়াৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নেতৃত্বত সম্পন্ন হোৱা এক গৱেষণাত উন্মোচিত হৈছে কেতবোৰ ভয়াৱহ তথ্য ৷ এইছ আই ভিত ভূগি থকা লোক সকলৰ ছাৰ্ছ-কভ-টুৰ দাৰা সংক্ৰমিত হোৱাৰ 24 শতাংশ অধিক সম্ভাৱনা থাকে আৰু এইছ আই ভি নথকা লোকতকৈ 78 শতাংশ মৃত্যুৰ সম্ভাৱনা বেছি বুলি এক গৱেষণাৰ অন্তত পোহৰলৈ আহিছে ৷

people-with-hiv-more-likely-to-get-sick-with-die-from-covid-study
HIV ত আক্ৰান্ত লোক কৰ'ণাত আক্ৰান্ত হলে মৃত্যুৰ সম্ভাৱনা অধিকঃ পোহৰলৈ আহিছে এই তথ্য
author img

By

Published : May 14, 2021, 9:53 PM IST

সমগ্ৰ দেশতে এতিয়া অব্যাহত আছে ক'ভিডৰ ভয়াৱহ সন্ত্ৰাস ৷ প্ৰতিদিনেই সমগ্ৰ দেশত বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰ মাজতে শেহতীয়া এক সমীক্ষাৰ পৰা পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ এই তথ্য অনুসৰি "হিউমেন ইমিউন ডেফিছিয়েঞ্চি ভাইৰাছ" চমুকৈ (HIV) ৰ ত আক্ৰান্ত সকলৰ ছাৰ্ছ-কভ-টুত সংক্ৰমিত হোৱাৰ আশংকা অধিক আৰু তেঁওলোকে ক’ভিড-19 ৰ মাৰাত্মক পৰিণতি ভূগিব লগীয়া হ'ব পাৰে ৷ পেনছিলভেনিয়াৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নেতৃত্বত সম্পন্ন হোৱা এক গৱেষণাত উন্মোচিত হোৱা তথ্য অনুসৰি এইছ আই ভিত ভূগি থকা লোক সকলৰ ছাৰ্ছ-কভ-টুৰ দাৰা সংক্ৰমিত হোৱাৰ 24 শতাংশ অধিক সম্ভাৱনা থাকে আৰু এইছ আই ভি নথকা লোকতকৈ 78 শতাংশ মৃত্যুৰ সম্ভাৱনা বেছি ৷ এইছ আই ভি পজিটিভ লোক সকলৰ মাজত সততে দেখা দিয়া সাধাৰণ সমস্যা সমূহ হ'ল উচ্চ ৰক্তচাপ,মধুমেহ,দীৰ্ঘস্থায়ী শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু দীৰ্ঘস্থায়ী বৃক্ক ৰোগসমূহ ৷ এইছ আই ভি (এইডছ) ত আক্ৰান্ত লোক সকলৰ আগৰে পৰা হৈ থকা শোচনীয় শাৰীৰিক অৱস্থা তেওঁলোক ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ পাচত আৰু অধিক জটিল হোৱাৰ সম্ভৱণা প্ৰৱল ৷ গৱেষক সকলৰ মতে এইছ আই ভিত আক্ৰান্ত লোক সকলৰ ক্ষেত্ৰত এন্টি ভাইৰাছ জাতীয় ঔষধ যেনে এষ্টেন'ফ'ভিৰ আৰু প্ৰ'টিজ-ইনহিবিটৰছে ছাৰ্ছ-কভ-টুৰ সংক্ৰমণ আৰু ক'ভিড-19 অৰ ফলত হ'ব পৰা মৃত্যুৰ আশংকা হ্ৰাস কৰাৰ ক্ষেত্ৰত কোনো ভূমিকা গ্ৰহণ নকৰে ৷ উল্লেখ্যে যে, গৱেষণাটোৰ পৰা পোৱা ফলাফল সমূহ প্ৰখ্যাত আলোচনী "ছায়েন্টিফিক ৰিপৰ্ট"ত প্ৰকাশ পাইছে ৷

"মহামাৰীবিধৰ ক্ৰমবিকাশ হোৱাৰ লগে লগে আমি এইছ আই ভি ছাৰ্ছ-কভ-টুৰ সহ সংক্ৰমণৰ লক্ষণ সমূহৰ বিষয়ে পৰ্যাপ্ত তথ্য আহৰণ কৰিব পাৰিছো, কিয়নো তথ্যৰ অভাৱত মহামাৰীবিধৰ আৰম্ভণিতে আমি এই কাম সম্পাদন কৰিব পৰা নাছিলো ৷"পেন ষ্টে’টৰ ৰাজহুৱা স্বাস্থ্য বিজ্ঞানৰ পৰা ভেনন ছিনছিলিয়ে এইদৰে নিজৰ মত প্ৰকাশ কৰিছে ৷ লগতে "এইছ আই ভিৰ দাৰা আক্ৰান্ত ব্যক্তি সকলক ক'ভিড-19 প্ৰতিষেধক প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰাথমিকতা প্ৰদান কৰাৰ বাবে সম্প্ৰতি ৰোগ নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ কেন্দ্ৰই জাৰি কৰা নিৰ্দেশাৱলীৰ প্ৰতি আমাৰ গৱেষণাই সমৰ্থন জনাইছে বুলি উল্লেখ কৰিছে ছিনছিলিয়ে ৷ " উল্লেখ্য যে,এইছ আই ভিত আক্ৰান্ত সকলৰ ছাৰ্ছ-কভ-টুত সংক্ৰমিত হ'ব পাৰে নে নাই লগতে ইয়াৰ দ্বাৰা মৃত্যু ঘটিব পাৰে নে নোৱাৰে সেই বিষয়ে জানিবলৈ উত্তৰ আমেৰিকা,আফ্ৰিকা, ইউৰোপ আৰু এচিয়াৰ প্ৰায় 21 মিলিয়ন অংশগ্রহণকাৰীয়ে যোগদান কৰা গৱেষণাটোত পূৰ্ৱৰ 22 টা বিভিন্ন গৱেষণাৰ পৰা লোৱা তথ্য বিশ্লেষণ কৰা হৈছিল ৷ বিগত বৰ্ষজুৰি চলোৱা গৱেষণাটোৱে উন্মোচন কৰে যে কিছুমান নিৰ্দিষ্ট শাৰীৰিক স্থিতি যেনে কৰ্কট ৰোগ,মধুমেহ উচ্চ ৰক্তচাপ আদিয়ে ক'ভিড-19 ত আক্ৰান্ত লোকৰ মৃত্যুৰ আশংকা বৃদ্ধি কৰিব পাৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বত বৰ্তমান 3 কোটি 8 লাখ এইছ আই ভি আক্ৰান্ত লোকে বাস কৰি আছে ৷

লগতে পঢ়কঃ "স্পুটনিক-ভি"ৰ প্ৰতিটো পালিৰ মূল্য ৯৯৫.৪০ টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.