ETV Bharat / lifestyle

প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰিছে ? তথাপিও আপোনাৰ ঘৰত বিয়পিব পাৰে কৰ'ণা ভাইৰাছ !

author img

By

Published : Oct 30, 2021, 12:57 PM IST

মাৰাত্মক ক'ভিড-১৯(Covid-19)ৰ পৰা ৰক্ষা পাবলৈ এতিয়া দেশৰ এক কোটিৰো অধিক লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে । বহুতেই ক'ভিড-১৯ ৰ প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰিছে । আপুনিও নিশ্চয় প্ৰতিষেধক গ্ৰহণ কৰাৰ পাচতে সুৰক্ষিত বুলি ভাৱিছে । কিন্তু দ্য লেঞ্চেট ইনফেকচিয়াছ ডিজিজ নামৰ আলোচনীখনত প্ৰকাশ কৰা মতে, টীকাকৰণ সম্পূৰ্ণ হোৱাৰ পাচতো এজন লোক কৰ'ণাৰ দ্বাৰা সংক্ৰমিত হ'ব পাৰে আৰু এই মাৰাত্মক ভাইৰাছ তেওঁৰ দেহৰ পৰা পৰিয়ালৰ আন সদস্যলৈ বিয়পিব পাৰে ।

Covid 19
কৰ'ণা ভাইৰাছৰ সংক্ৰমণ

নিউজ ডেস্ক, ৩০ অক্টোবৰ : পৰিয়ালৰ এজন সদস্যৰ পৰা অতি সহজে SARS-CoV-2 আন সদস্যসকললৈ সংক্ৰিমত হোৱাৰ সম্ভাৱনা অধিক । বিশেষকৈ ডেল্টা প্ৰকাৰৰ সংস্পৰ্শলৈ অহা লোকৰ পৰা বেছি সদস্য থকা পৰিয়ালত হোৱা সংক্ৰমণ বিষয়ক অধ্যয়নত পোহৰলৈ আহিছে যে, কৰ'ণাৰ লক্ষণ নাথাকিলেও প্ৰতিষেধক গ্ৰহণ নকৰা ৫ৰ ভিতৰত দুজন লোক সংক্ৰমিত হোৱা বা ৩৮ শতাংশ সংক্ৰমণৰ সম্ভাৱনা থাকে ।

যদি ঘৰৰ আন সদস্যসকলৰো সম্পূৰ্ণ টীকাকৰণ সম্পন্ন কৰা হয়, তেন্তে সংক্ৰমণ চাৰিজনৰ ভিতৰত এজনলৈ হ্ৰাস পায় অথবা ২৫ শতাংশলৈ হ্ৰাস হয় । ক'ভিড প্ৰতিষেধকে সংকটজনক অৱস্থা অথবা মৃত্যুক প্ৰতিৰোধ কৰে যদিও সংক্ৰমণ হোৱাত প্ৰতিষেধকে বিশেষ প্ৰভাৱ পেলাব নোৱাৰে ।

বিশেষকৈ অধিক ভয়াৱহ ডেল্টা প্ৰকাৰৰ ভাইৰাছ উদ্ভৱ হোৱাৰ পাচত এই আশংকা বৃদ্ধি পাইছে । বিভিন্ন অধ্যয়নত এই প্ৰতিষেধকসমূহৰ প্ৰভাৱৰ বিষয়ে অধিক তথ্য পোহৰলৈ আহিছে । ইম্পেৰিয়েল কলেজ লণ্ডনৰ নেশ্যনেল হাৰ্ট এণ্ড লাং ইনষ্টিটিউটৰ লেখক তথা অধ্যাপক অজিত লালৱানীয়ে জনাইছে যে, প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰা লোকসকলৰ ক্ষেত্ৰত মাৰাত্মক ভাইৰাছবিধে ঘৰত থকা আন সদস্যকো সংক্ৰমিত কৰিব পাৰে । ২০২০ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা ২০২১ চনৰ ছেপ্তেম্বৰ মাহৰ ভিতৰত ক'ভিড পৰীক্ষা কৰোৱা লণ্ডন আৰু বোল্টনৰ ৪৪০টা পৰিয়ালৰ তথ্য লালৱানীৰ অধ্যয়নত পোহৰলৈ আহে ।

ক'ভিড পৰীক্ষাৰ ফলাফলত পোহৰলৈ আহে যে, ক'ভিড-১৯ প্ৰতিষেধকৰ দুটা পালি গ্ৰহণ কৰাৰ পাচতো তেনে লোকৰ পৰা আন লোক সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে ।

টীকাকৰণ সম্পূৰ্ণ হোৱা লোকসকলে কম সময়ৰ ভিতৰতে ভাইৰাছৰ কবলৰ পৰা মুক্ত হ'ব পাৰে যদিও প্ৰতিষেধক গ্ৰহণ নকৰা লোকৰ ক্ষেত্ৰত আৰোগ্য হোৱাৰ গতি লেহেমীয়া হোৱা পৰিলক্ষিত হয় । এনে পৰিস্থিতিত ঘৰত পৰিয়ালৰ সদস্যসকলৰ মাজত ভাইৰাছবিধ সহজে সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে । টীকাকৰণে ডেল্টা প্ৰকাৰৰ সংক্ৰমণৰ আশংকা হ্ৰাস কৰে আৰু শীঘ্ৰে আৰোগ্য হোৱাৰ ক্ষেত্ৰত সহায় কৰে ।

তথাপিও, সম্পূৰ্ণৰূপে টীকাকৰণ কৰা লোক এই ভাইৰাছৰ সংস্পৰ্শলৈ আহিলে প্ৰতিষেধক গ্ৰহণ নকৰা লোকতকৈ ভয়াৱহতা কম থাকে । আৰম্ভণিতে ভাইৰাছ এজনৰ পৰা আনজনলৈ বিয়পিব পাৰে বুলি লালৱানীয়ে জনাইছে । সেয়ে, দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ পাচতো সংক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বৰ্তাই ৰখা আদি সাৱধনতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিিয়া হৈছে ।

লগতে পঢ়ক: UPSC ৰ ২০২১ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.