নিউজডেস্ক, 20 মে': এক অধ্যয়নৰ পৰা লাভ কৰা তথ্য অনুসৰি কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধৰ জৰিয়তে বৰ্তমান সম্ভৱ Brain aneurysms ৰ চিকিৎসা৷ শেহতীয়াকৈ 'American Journal of Human Genetics ত প্ৰকাশিত হৈছে এই গুৰুত্বপূৰ্ণ চিকিৎসাৰ তথ্য ৷ Brain aneurysms হৈছে এনে এক ৰোগ যি ৰোগৰ ফলত ৰক্ত প্ৰবাহৰ সময়ত সিৰা আৰু ধমনী সমূহ দুৰ্বল হৈ পৰে ৷
এই দুৰ্বল ৰক্তবাহিকাৰে তেজ প্ৰবাহিত হোৱাৰ সময়তে ৰক্তক্ষৰণ হোৱাৰ সম্ভাৱনা অধিক প্ৰৱল হৈ পৰে৷ এনে ৰোগৰ চিকিৎসা জটিল হোৱাৰ লগতে যথেষ্ট খৰচি হোৱাৰ ফলত সকলো শ্ৰেণীৰ লোকৰ বাবে সম্ভৱপৰ হৈ নুঠে ৷ কিন্তু বৰ্তমান Brain aneurysms ত আক্ৰান্ত ৰোগী সকলৰ বাবে সুখবৰ ৷ বিশেষজ্ঞৰ দলে দিয়া তথ্য অনুসৰি কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা কিছু সংখ্যক ঔষধ Brain aneurysms ৰ চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰা সম্ভৱ হ'ব ৷