নিউজ ডেস্ক, ২ এপ্ৰিল: শেহতীয়কৈ টুইটাৰে ঘোষণা কৰিছে যে, এণ্ড্ৰইড আৰু আই অ' এছ প্লেটফৰ্মতে উপলব্ধ এফিমেৰেল, স্নেপচাট ষ্টৰীজৰ দৰে ফ্লীটত ষ্টিকাৰ সংলগ্ন কৰিব । ষ্টিকাৰ সন্দৰ্ভট টুইটাৰে নিজৰ প্লেটফৰ্মৰ জৰিয়তে জনাইছে যে, ব্যৱহাৰকাৰীয়ে স্ক্ৰীণৰ একেবাৰে তলত শাৰীত থকা স্মাইলি আইকন টিপিলেই ষ্টিকাৰবোৰ সংলগ্ন কৰিবলৈ সক্ষম হ'ব ।
ইয়াৰ পিছতে ফ্লীটছ আপগ্ৰেড হ'ব আৰু ব্যৱহাৰকাৰীয়ে বাৰ্তাৰ সৈতে ষ্টিকাৰ প্ৰেৰণ কৰিব পাৰিব । স্মাইলি আইকন টিপিলে জি আই এফ আৰু ইম'জিও পাব ব্যৱহাৰকাৰীয়ে । টুইটাৰ কৰ্তৃপক্ষই নিজে তৈয়াৰ কৰা এনিমেটেড ষ্টিকাৰ আৰু ইম'জি সংলগ্ন কৰিছে । একেধৰণৰ সুবিধা ইতিমধ্যে স্নেপচাট আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মত উপলব্ধ হৈছে । টুইটাৰে বিশ্বৰ সকলো ব্যৱহাৰকাৰীৰ বাবে ২০২০ চনৰ নৱেম্বৰত ফ্লীট উন্মোচন কৰিছিল ।
টুইটাৰে কৈছিল যে, ব্ৰাজিল, ইটালী, ভাৰত আৰু দক্ষিণ কোৰিয়াত ফ্লীটৰ প্ৰতি ব্যৱহাৰকাৰীৰ আকৰ্ষণ উৎসাহজনক আছিল । প্ৰথমতে টুইটাৰৰ তৰফৰ পৰা কৰা এক পৰীক্ষাৰ ফলাফল স্বৰূপে দেখা গৈছিল যে, ফ্লীটে মানুহক বাৰ্তালাপ কৰাত অধিক আৰামদায়ক অনুভৱ কৰাত সহায় কৰিছিল । ফ্লীট থকা লোকসকলে এই প্লেটফৰ্মত অধিক কথা পতা দেখা গৈছিল ।
লগতে পঢ়ক:ভাৰত পাকিস্তানৰ সম্পৰ্কৰ ওপৰত ইমৰান খানৰ গুৰুত্বপূৰ্ণ বৈঠক