নেশ্যনেল ডেস্ক, ২ মাাৰ্চ: শেহতীয়াকৈ ফেচবুকত 'লাইভ ৰুম' চৰ্চাৰ বিষয় হৈ পৰাৰ পিছত অৱশেষত ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবেও 'লাইভ ৰুম' উপলব্ধ কৰালে ফেচবুকে । একে সময়তে তিনিজন লোকক ফটো শ্বেয়াৰিং প্লেটফৰ্মটোত লাইভ কৰিবলৈ অনুমতি প্ৰদান কৰিব ফেচবুকে । ফেচবুকে এক বিবৃতিযোগে কয় যে, 'আমি আশা কৰো যে লাইভৰ ক্ষেত্ৰত দুগুণ সুবিধা দিলে, অধিক সৃষ্টিশীল সুযোগ মুকলি হ'ব ।
লগতে ই আলোচনা চক্ৰ, সংগীতানুষ্ঠান, প্ৰশ্নোত্তৰ শিতান আৰম্ভ কৰাৰ সুযোগ প্ৰদান কৰাৰ লগতে বন্ধুৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ দিব । লাইভ ৰুমৰ জৰিয়তে দৰ্শকে আয়োজকসকলৰ বাবে বেজ ক্ৰয় কৰিব পাৰে আৰু বজাৰ কৰাৰ দৰে অন্যান্য আকৰ্ষণীয় সুবিধা ব্যৱহাৰ কৰিব পাৰে । ফেচবুক কৰ্তৃপক্ষই কয় যে, তেওঁলোকে মডাৰেটৰ নিয়ন্ত্ৰণ আৰু অডিঅ'ৰ সুবিধা প্ৰদান কৰাৰ দৰে অধিক সঁজুলিৰ অনুসন্ধান কৰি আছে আৰু এইবোৰ অহা মাহত উপলব্ধ হ'ব ।
'লাইভ ৰুম' কেনেদৰে ব্যৱহাৰ কৰেঃ
- 'লাইভ ৰুম' আৰম্ভ কৰিবলৈ বাওঁফালে ছোৱাইপ কৰি 'লাইভ কেমেৰা' নামৰ বিকল্পটো বাছনি কৰিব লাগিব ।
- ইয়াৰ পিছত এটা শিৰোনাম দিব লাগিব আৰু অতিথিক সংযুক্ত কৰিবলৈ 'ৰুম' আইকনটো টিপিব লাগিব ।
- তেতিয়া যিসকল লোকৰ সৈতে লাইভ কৰিবলৈ বিচৰা হৈছে সেই লোকসকলক লাইভ আৰম্ভ কৰা লোকজনে দেখা পাব । লগতে তেওঁ আন অতিথিকো সংযুক্ত কৰিব পাৰিব ।
- যেতিয়া 'লাইভ ৰুম' আৰম্ভ কৰা যায়, তেতিয়া অতিথি সংযুক্ত কৰিলে লাইভ আৰম্ভ কৰা লোকজনক স্ক্ৰীণৰ শীৰ্ষত দেখা পোৱা যাব ।
- এজন প্ৰচাৰক প্ৰচাৰক হিচাপে, কোনো লোকে এবাৰত মুঠ তিনিজন অতিথিক আমন্ত্ৰণ জনাব পাৰে ।
- লাইভ ৰুমৰ যিকোনো সক্ৰিয় অংশগ্ৰহণকাৰীৰ দ্বাৰা ব্লক কৰা লোকসকলে লাইভত যোগদান কৰিব নোৱাৰিব ।
ফেচবুকৰ নিৰ্দেশনা উলংঘন কৰা লোকসকলে পিছত কেতিয়াও লাইভ ৰুমত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে ফেচবুক কৰ্তৃপক্ষই ।