ধুবুৰী, 24 আগষ্ট : ধুবুৰীত বিবাহিত মহিলাৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ । ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ঝগৰাৰ পাৰ ৰৌৱা দ্বিতীয় খণ্ড গাঁওৰ প্ৰয়াত বাসিন্দা নবী হুছেইনৰ বিবাহিত কন্যা মেনেকা খাতুন নামৰ 19বছৰীয়া এক সন্তানৰ মাতৃৰ সোমবাৰে চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় । সন্ধিয়াৰ ভাগত ঘৰত চিপ লৈ থকা অৱস্থাত কন্যাৰ মৃতদেহ প্ৰত্যক্ষ কৰি মাতৃয়ে ৰচীডাল কাটি নমাই দিয়ে কন্যাৰ মৃতদেহ । পিছত আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ।
ইপিনে কি কাৰণত মহিলাগৰাকীয়ে আত্মহত্যা কৰিলে বুলি প্ৰশ্ন কৰাত চুবুৰীয়া নুৰ হুছেইন নামৰ এজন লোকে বহুদিনৰে পৰা শাৰীৰিক আৰু মানসিকভাৱে মহিলাগৰাকীৰ উপৰিও নিৰীহ পৰিয়ালটোক নিৰ্যাতন চলাই আহিছে বুলি মহিলাগৰাকীৰ ভাতৃ আৰু মাতৃয়ে উল্লেখ কৰে । আনকি যোৱাকালিও মাৰপিট কৰাৰ লগতে চোকা অস্ত্ৰৰে হত্যাৰ ভাবুকি দিয়াৰ পিছত আজি পুনৰ নুৰ হুছেইনৰ পত্নীয়ে মহিলাগৰাকীক নিৰ্যাতন কৰা বুলি অভিযোগ উত্থাপন কৰে দুৰ্ভগীয়া মাতৃ আৰু ভাতৃয়ে ।
ইপিনে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও মাৰপিট সম্পৰ্কে এতিয়ালৈকে অৱগত নহয় বুলি উল্লেখ কৰে আৰক্ষীয়ে । এতিয়া আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পিছত প্ৰকৃততে এয়া হত্যা নে আত্মহত্যা সেয়া স্পষ্ট হ'ব । উল্লেখযোগ্য যে,কিছুদিন পূৰ্বে ধৰ্ষণৰ বলি হৈ এটি সন্তান জন্ম দিছিল দুৰ্ভগীয়া মহিলাগৰাকীয়ে । উক্ত গোচৰ আদালতত বিচৰাধীন হৈ থকাৰ সময়তে মহিলাগৰাকীৰ আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ । এতিয়া নিৰ্যাতনকাৰী নুৰ হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নে নহয় সেয়াই লক্ষণীয় বিষয় ।
লগতে পঢ়কঃ ভ্ৰাম্যমানৰ মঞ্চ কঁপাবলৈ আকৌ উভতি নাহে জীৱেশ্বৰ ডেকা