কৰিমগঞ্জ, 7 জুলাই : কৰিমগঞ্জ মহাবিদ্যালয়ত অঘটন ৷ লকডাউনৰ মাজতে মহাবিদ্যালয়খনৰ পৰা উদ্ধাৰ হৈছে মৃতদেহ ৷ ঘটনাক লৈ কৰিমগঞ্জ চহৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি ৷
জানিব পৰা মতে, মঙলবাৰে কৰিমগঞ্জ মহাবিদ্যালয়ত উদ্ধাৰ হয় এটি মৃতদেহ ৷ স্থানীয় ৰাইজে মহাবিদ্যালয়খনৰ পুখুৰীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ পৰৱৰ্তী সময়ত কৰিমগঞ্জ আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় ৷ বাতৰি লিখাৰ পৰলৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, মৃতদেহটো এগৰাকী পুৰুষৰ বুলি জানিব পৰা গৈছে আৰু ব্যক্তিগৰাকীৰ আনুমানিক বয়স প্ৰায় ৪৫ বছৰ মান হ'ব ৷
উল্লেখ্য যে, লকডাউনৰ বাবে বন্ধ থকা মহাবিদ্যালয়খনৰ পুখুৰীত মৃতদেহ উদ্ধাৰ হোৱাক লৈ যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে মহাবিদ্যালয়খনে এই সন্দৰ্ভত আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে আৰু ঘটনাৰ তদন্তৰ দাবী কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ মৃত ব্যক্তিগৰাকীৰ পৰিচয় আৰু মৃত্যুৰ কাৰন এতিয়াও জানিব পাৰা হোৱা নাই ৷
লগতে পঢ়কঃ বৰপেটাৰ হাঁহচৰা গাঁৱত শিশুৰ সলিল সমাধি