নিউজ ডেস্ক, ১৪ মে' : ভূমিকেন্দ্ৰিক বিবাদক লৈ সংঘটিত কাজিয়াত একেটা পৰিয়ালৰে তিনিজনকৈ লোকক হত্যা কৰা হয় মহাৰাষ্ট্ৰৰ ভীড় জিলাত । কোভিড-১৯ৰ শীৰ্ষত থকা ৰাজ্যখনত এই সংকটৰ সময়টো এইদৰে ভূমিক লৈ কাজিয়া অব্যাহত আছে । দৰাচলতে বুধবাৰে মাজনিশাৰ ভাগত সংঘটিত হোৱা এই ঘটনাত একেটা পৰিয়ালৰে তিনিজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰা হয় । ভীড় জিলাৰ আৰক্ষী অধীক্ষক হৰ্ষ পোড্ডাৰে সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ।
জিলাখনৰ কেজ মৌজাৰ অধীনস্থ মাংগৱাড়গাঁৱত সংঘটিত হয় এই ঘটনা । ঘটনাৰ লগত জড়িত থকা ১২জনকৈ লোকক বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে । দৰাচলতে আদালতত বিচাৰাধীন হৈ থকা এটুকুৰা মাটিক লৈ প্ৰথমে দুটা পক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু পিচত গৈ সিয়ে ৰক্তক্ষয়ৰ ৰূপ ধাৰণ কৰে ।
আক্ৰমণকাৰীসকলে এটা পৰিয়ালৰ ওপৰত চোকা অস্ত্ৰৰে আঘাত কৰাত ঘটনাস্থলীতে তিনিজন লোক নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । নিহত লোককেইজন বাবু পাৱাৰ, প্ৰকাশ বাবু পাৱাৰ আৰু সঞ্জয় বাবু পাৱাৰ বুলি জানিব পৰা গৈছে । আক্ৰমণকাৰীসকলে বাবু পাৱাৰৰ বাসগৃহ জ্বলাই দিয়াৰ লগতে সকলো সম্পত্তি নষ্ট কৰি পেলায় ।