ETV Bharat / jagte-raho

ডিলাই আৰক্ষীৰ জালত চুৰিগাড়ী সহ চোৰ - গড়চুক আৰক্ষী

ৰাজ্যত সক্ৰিয় গাড়ী চুৰি কাৰ্য ৷ কাৰ্বি আংলঙৰ মাজৰে পাৰ হৈ যোৱা 39 নং আৰু 36 নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰে প্ৰতিদিনে পাৰ হয় চুৰি গাড়ী ৷ আৰক্ষীৰ নাকা তালাচীত আটক চোৰ ৷

thieves-with-car-in-delai-police-in-diphu
ডিলাই আৰক্ষীৰ জালত গাড়ী সহ চোৰ
author img

By

Published : Dec 7, 2020, 10:45 PM IST

ডিফু, 7 ডিচেম্বৰ : ৰাজ্যত বৰ্তমানেও সক্ৰিয় হৈ থকা বৃহৎ গাড়ী চুৰি চক্ৰটোৱে সমগ্ৰ ৰাজ্যৰ পৰা চুৰি কৰি অনা দুচকীয়া, চাৰিচকীয়া, ছয়চকীয়া আদি বাহনসমূহ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মাজৰে পাৰ হৈ যোৱা 39 নং আৰু 36 নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰে পাৰ কৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত বিক্ৰীৰ বাবে লৈ যায় ৷

উক্ত পথ দুটাৰে চুৰি কৰি নিয়া বহু গাড়ী ধৰা পৰিছে বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ, খটখটি, ডিলাই আদি আৰক্ষী থানাৰ নাকা তালাচীত ৷ দেওবাৰৰ নিশাও মহকুমাটোৰ অন্তৰ্গত 36 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ নাকা তালাচীৰ সময়ত মহিন্দ্ৰা কোম্পানীৰ AS-01-BY-6838 নম্বৰৰ এখন চুৰি কে ইউ ভি গাড়ীসহ এটা চোৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী পুৰণা লাহৰিজান আৰক্ষী পহৰা চকী আৰক্ষীৰ জালত পৰে ৷

আৰক্ষীৰ মন্তব্য

লগতে পঢ়ক : মিজোৰামৰ প্ৰথমটো সৌৰ ফটোভল্টেটিক (এছপিভি) বিদ্যুৎ প্ৰকল্প উদ্বোধন

ঘটনা সন্দৰ্ভত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে জানিবলৈ দিয়ে যে, গড়চুক আৰক্ষী থানাৰ পৰা পোৱা এটা বাৰ্তাৰ ভিত্তিত পুৰণা লাহৰিজান আৰক্ষীয়ে 36 নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা তালাচী বহুৱাই অভিযান চলাই থকাৰ সময়তে ডিমাপুৰৰ দিশে গৈ থকা উক্ত কে ইউ ভি গাড়ীখনৰ চালকক সোধপোছ কৰাত গাড়ীখন চুৰি কৰি অনা বুলি আৰক্ষীৰ সন্দেহ হয় ৷ পৰৱৰ্তী সময়ত চালকক জেৰা কৰাত গুৱাহাটীৰ গড়চুক আৰক্ষী থানাৰ অন্তৰ্গত ডাউন টাউন এলেকাৰ পৰা চুৰি কৰি ডিমাপুৰত বিক্ৰীৰ বাবে আনিছিল বুলি চোৰটোৱে স্বীকাৰ কৰে ।

ধৃত গাড়ী চোৰটো হৈছে দৰং জিলাৰ বৰেলী গাঁৱৰ বাসিন্দা অক্ষয় নাথ (29) । আৰক্ষীয়ে ধৃত অক্ষয় নাথক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : পিতৃৰ শেষ ইচ্ছা পূৰণ কৰাৰ বাবে সাজু পুত্ৰ গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.