ETV Bharat / jagte-raho

বৃহৎ সংখ্যক চুৰি সামগ্ৰীৰে নগাঁও আৰক্ষীৰ জালত দুই গভাইত চোৰ

author img

By

Published : Oct 30, 2020, 7:06 AM IST

নগাঁও আৰক্ষীৰ আন এক সফলতা । বৃহৎ সংখ্যক চুৰি সামগ্ৰীসহ আটক ক্ষেত্ৰীৰ দুই গভাইত চোৰ । চোৰ দুটাৰ ঘৰৰ পৰা উদ্ধাৰ বহু সংখ্যক চুৰি সোণৰ গহনা ।

বৃহৎ চুৰি সামগ্ৰীসহ নগাঁও আৰক্ষীৰ জালত দুই গভাইত চোৰ

নগাঁও, 30 অক্টোবৰ : আন এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী । নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই বৃহস্পতিবাৰে নগাঁও চহৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় দুটাকৈ গভাইত চোৰ । ধৃত চোৰ দুটা ক্ষেত্ৰী তেতেলীয়াৰ অভিজিত দাস আৰু তাপছ বৰ্মন ।

ধৃত চোৰ দুটাৰ পৰা উদ্ধাৰ কৰা সামগ্ৰীখিনি

চোৰ দুটাৰ পৰা নগাঁও আৰক্ষীয়ে নগদ 3 লাখ 58 হাজাৰ টকা, এটা লেপটপ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ক্ষেত্ৰীৰ এটা পৰিয়ালৰ পৰা বৃহৎ পৰিমাণৰ এই নগদ ধন আৰু লেপটপটো চোৰ দুটাই লুটি আনিছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমান

ইপিনে নগাঁও আৰক্ষীয়ে চলোৱা জেৰাৰ ভিত্তিত সোনাপুৰ আৰক্ষীয়ে চোৰ দুটাৰ তেতেলীয়াৰ ঘৰৰ পৰা বহু সংখ্যক চুৰি সোণৰ গহনাও উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : JEE কেলেংকাৰী : পিতৃ -মাতৃৰ উচ্চাকাংক্ষা পূৰণ কৰিব বিচাৰিছিল নীল নক্ষত্ৰ দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.