ETV Bharat / jagte-raho

বৰ্বৰঃ অন্তঃসত্বা পত্নী আৰু পুত্ৰৰ সৈতে হত্যা শিক্ষকক !

author img

By

Published : Oct 10, 2019, 9:45 PM IST

বিজয়া দশমীৰ দিনটোত আনন্দ উৎসৱ পালন কৰি থকাৰ সময়তে পশ্চিমবংগত সংঘটিত হয় এক শিহৰণকাৰী হত্যাকাণ্ড ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত থকাৰ বাবে অচিনাক্ত দুৰ্বৃত্তই নিৰ্মমভাৱে হত্যা কৰে এগৰাকী শিক্ষকৰ লগতে তেওঁৰ পুত্ৰ আৰু অন্তঃসত্বা পত্নীক ৷

জিয়াগঞ্জ শিহৰণকাৰী হত্যাকাণ্ড

নিউজ ডেস্ক, 10 অক্টোবৰঃ বিজয়া দশমীৰ দিনটোতে পশ্চিমবংগৰ মুৰ্শিদাবাদ জিলাত সংঘটিত হোৱা শিহৰণকাৰী হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ ৷ কোনো অচিনাক্ত দুৰ্বৃত্তই নিচাজাতীয় দ্ৰব্য মিহলাই হত্যা কৰে এগৰাকী শিক্ষককে ধৰি তেওঁৰ ছবছৰীয়া পুত্ৰ আৰু অন্তঃসত্বা পত্নীক ৷ ইতিমধ্যে ঘটনাৰ 48 ঘন্টা উকলি যোৱাৰ পিচতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই হত্যাকাৰীক ৷

অধিক পঢ়কঃ শিক্ষকতাৰ পবিত্ৰ বৃত্তিক কুলষিত কৰা এগৰাকী "ছাৰ"!

মৰনোত্তৰ পৰীক্ষাৰ পিচত বৃহস্পতিবাৰে আটাইকেইটা মৃতদেহ পৰিয়ালক গটাই দিয়ে জিলা আৰক্ষীয়ে ৷ মৃতদেহ গটাই দিয়াৰ পিচতে পৰিয়ালৰ লোকৰ সৈতে স্থানীয় ৰাইজে মৃতদেহ লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ পৰিয়ালৰ অভিযোগ অনুসৰি, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত থকাৰ বাবেই এইদৰে হত্যাৰ বলি হয় পৰিয়ালটো ৷

অধিক পঢ়কঃ কঠিয়াতলীত পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীক গুলীয়াই ডকাইতে লুটিলে ধন

দশমীৰ দিনটোত হত্যাৰ বলি হয় শিক্ষক বন্ধুপ্ৰকাশ পাল, তেওঁৰ অন্তঃসত্বা পত্নী বিউটি পাল আৰু তেওঁলোকৰ ছবছৰীয়া পুত্ৰ অঙ্গন পাল ৷ জিলাখনৰ জিয়াগঞ্জৰ আজিমগঞ্জ পৌৰসভাৰ 16 নং ৱাৰ্ডৰ কালিগঞ্জ অঞ্চলৰ বাসিন্দা আছিল হত্যাৰ বলি হোৱা লোককেইজন ৷ চোকা অস্ত্ৰৰে কাটি নৃংশসভাৱে হত্যা কৰা হৈছিল সাগৰদিঘিৰ গোঁসাইগ্ৰাম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বন্ধুপ্ৰকাশ পালৰ লগতে তেওঁৰ পত্নী আৰু পুত্ৰক ৷

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মা

ঘটনাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ভূমিকাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শৰ্মাই ৷ ঘটনাক লৈ শৰ্মাই পশ্চিমবংগৰ আৰক্ষী সঞ্চালকপ্ৰধানকে ধৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে ৷

বিজেপি দলৰ মুখপাত্ৰ তথা উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা

আনহাতে ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যখনৰ বিজেপি দলৰ মুখপাত্ৰ তথা উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাই ৷ বিজেপি নেতাগৰাকীয়ে অপৰাধৰ ক্ষেত্ৰত পশ্চিমবংগই সীমা পাৰ কৰিছে বুলি প্ৰকাশ কৰে ইটিভি ভাৰতৰ আগত ৷

Intro:Body:

পশ্চিমবংগত পুত্ৰ আৰু অন্তঃসত্বা পত্নীৰ সৈতে হত্যা শিক্ষকক 

বিজয়া দশমীৰ দিনটোত আনন্দ উৎসৱ পালন কৰি থকাৰ সময়তে পশ্চিমবংগত সংঘটিত হয় এক শিহৰণকাৰী হত্যাকাণ্ড ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত থকাৰ বাবে অচিনাক্ত দুৰ্বৃত্তই নিৰ্মমভাৱে হত্যা কৰে এগৰাকী শিক্ষকৰ লগতে তেওঁৰ পুত্ৰ আৰু অন্তঃসত্বা পত্নীক ৷ 

নিউজ ডেস্ক, 10 অক্টোবৰঃ বিজয়া দশমীৰ দিনটোতে পশ্চিমবংগৰ মুৰ্শিদাবাদ জিলাত সংঘটিত হোৱা শিহৰণকাৰী হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ ৷ কোনো অচিনাক্ত দুৰ্বৃত্তই নিচাজাতীয় দ্ৰব্য মিহলাই হত্যা কৰে এগৰাকী শিক্ষককে ধৰি তেওঁৰ ছবছৰীয়া পুত্ৰ আৰু অন্তঃসত্বা পত্নীক ৷ ইতিমধ্যে ঘটনাৰ 48 ঘন্টা উকলি যোৱাৰ পিচতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই হত্যাকাৰীক ৷ 

মৰনোত্তৰ পৰীক্ষাৰ পিচত বৃহস্পতিবাৰে আটাইকেইটা মৃতদেহ পৰিয়ালক গটাই দিয়ে জিলা আৰক্ষীয়ে ৷ মৃতদেহ গটাই দিয়াৰ পিচতে পৰিয়ালৰ লোকৰ সৈতে স্থানীয় ৰাইজে মৃতদেহ লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ পৰিয়ালৰ অভিযোগ অনুসৰি, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত থকাৰ বাবেই এইদৰে হত্যাৰ বলি হয় পৰিয়ালটো ৷ 

দশমীৰ দিনটোত হত্যাৰ বলি হয় শিক্ষক বন্ধুপ্ৰকাশ পাল, তেওঁৰ অন্তঃসত্বা পত্নী বিউটি পাল আৰু তেওঁলোকৰ ছবছৰীয়া পুত্ৰ অঙ্গন পাল ৷ জিলাখনৰ জিয়াগঞ্জৰ আজিমগঞ্জ পৌৰসভাৰ 16 নং ৱাৰ্ডৰ কালিগঞ্জ অঞ্চলৰ বাসিন্দা আছিল হত্যাৰ বলি হোৱা লোককেইজন ৷ চোকা অস্ত্ৰৰে কাটি নৃংশসভাৱে হত্যা কৰা হৈছিল সাগৰদিঘিৰ গোঁসাইগ্ৰাম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বন্ধুপ্ৰকাশ পালৰ লগতে তেওঁৰ পত্নী আৰু পুত্ৰক ৷ 

ঘটনাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ভূমিকাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শৰ্মাই ৷ ঘটনাক লৈ শৰ্মাই পশ্চিমবংগৰ আৰক্ষী সঞ্চালকপ্ৰধানকে ধৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে ৷  

আনহাতে ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যখনৰ বিজেপি দলৰ মুখপাত্ৰ তথা উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাই ৷ বিজেপি নেতাগৰাকীয়ে অপৰাধৰ ক্ষেত্ৰত পশ্চিমবংগই সীমা পাৰ কৰিছে বুলি প্ৰকাশ কৰে ইটিভি ভাৰতৰ আগত ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.